প্ৰলয়ংকাৰী বানত ১৫,০০০ প্ৰাথমিক বিদ্যালয় ক্ষতিগ্ৰস্থ: শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি অবস্থা শোচনীয়

প্ৰলয়ংকাৰী বানত ১৫,০০০ প্ৰাথমিক বিদ্যালয় ক্ষতিগ্ৰস্থ: শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি অবস্থা শোচনীয়

প্ৰলয়ংকাৰী বানে সমগ্ৰ ৰাজ্যতে ভয়াবহ ৰূপ ধাৰণ কৰাৰ পাছত এতিয়া সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে মহামাৰী, দুৰ্গন্ধময় পৰিবেশৰ সৃষ্টি হৈছে । হাজাৰ হাজাৰ গাঁও ক্ষতিগ্ৰস্থ হোৱাৰ লগতে কৃষি পথাৰ ধ্বংস হয় । বানে সৰ্বস্বান্ত কৰা লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

তথ্য মতে , বানপানীৰ ফলত অসমৰ ১৫,০০০ প্ৰাথমিক বিদ্যালয় ক্ষতিগ্ৰস্থ হৈছে । গ্ৰীষ্মকালিন বন্ধ শেষ হৈ ১ আগষ্টৰ পৰা বিদ্যালয় সমূহ আৰম্ভ হৈছে কিন্তু বিদ্যালয় সমূহত গঢ়ি তুলিব পৰা নাই শৈক্ষিক পৰিবেশ । চৌদিশে বানে বিধস্ত কৰা পৰিবেশ আন্তঃগাঁথনি সমূহো অতি শোচনীয় । ইয়াৰে লক্ষিমপুৰৰ ১৭৫ খন বিদ্যালয়, ডিব্ৰুগড়ৰ ২৮ খন আৰু আন আন প্ৰান্তৰ বিদ্যালয় সমূহ।

প্ৰলয়ংকাৰী বানে ৰাজ্যত বিভীষিকা সৃষ্টি কৰাৰ পিছত এতিয়া মহামাৰীকে ধৰি নানান সমস্যাৰ সন্মুখীন হৈছে বানাক্ৰান্ত সকল। প্ৰলয়ংকাৰী বানৰ ফলত ৰাজ্যত প্ৰায় ১৫,০০০ প্ৰাথমিক বিদ্যালয় ক্ষতিগ্ৰস্থ হৈছে ।প্ৰলয়ংকাৰী বানে ৰাজ্যত ২২ টা কৈ নদী বান্ধ ভাঙি নিয়ে। বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ৰাজ্যিক জল সম্পদ বিভাগে প্ৰস্তুতি চলাই আছে । কাৰ্যালয়ৰ সূত্ৰয়ে জনোৱা মতে, যোৱা বছৰত বানে ২৯ টা নদী বান্ধ ভাঙি নিছিল ।

লক্ষিমপুৰত ১৭৫ খন শিক্ষা অনুষ্ঠানৰ ক্ষতিগ্ৰস্থ হৈছে বানৰ ফলত । বিভাগৰ সূত্ৰয়ে প্ৰকাশ কৰে যে, ইয়াৰে ১৬৪ খন প্ৰাথমিক বিদ্যালয় আৰু ১১ খন হাই স্কুলত যথেষ্ট ক্ষতিগ্ৰস্ত হয় । এই বিদ্যালয় সমূহৰ বৰ্তমান সময়ত শৈক্ষিক পৰিবেশ বিনষ্ট হৈছে ।

প্ৰলয়ংকাৰী বানপানীৰ ফলত লাখ লাখ লোক ক্ষতিগ্ৰস্থ হোৱাৰ লগতে কৃষি ভূমি বিনষ্ট হৈছে । সমান্তৰাললৈ বানৰ ফলত বহুতো শিক্ষা অনুষ্ঠানো ক্ষতিগ্ৰস্থ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লক্ষিমপুৰতো বহুতো শিক্ষা অনুষ্ঠান ক্ষতিগ্ৰস্থ হয় বানপানীৰ ফলত ।

১৯৮৮ চনৰ পিছত এইবাৰ পুনৰ তেনে এক ভয়াবহ বানপানী বিধস্ত কৰি যায়। বৰ্তমান সময়ত বানৰ বিভীষিকা কমিছে যদিও চৌদিশে এতিয়া মহামাৰী , দুৰ্গন্ধময় পৰিবেশে বিৰাজ কৰিছে। বানৰ ফলত ধুবুৰীত হাজাৰো অধিক লোক ক্ষতিগ্ৰস্থ হৈছে । প্ৰায় ১.৪ লাখ লোক ক্ষতিগ্ৰস্থ , প্ৰায় ৫,৫০,৩৬৮ বসতিপূৰ্ন ৩৯৭ খন গাঁও ক্ষতিগ্ৰস্থ হৈছে বানৰ ফলত ।বিভাগীয় তথ্যৰ মতে, ৩২,৩৭১ লোক, ৭,৫৭৫ শিশু বানৰ কবলত পৰে। সমগ্ৰ জিলাতে ৯৬ টা অস্থায়ী শিবিৰ স্থাপন কৰা হৈছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com