মমিনুল আৱালক সদৌ অসম ছাত্ৰ সন্থাৰ কটাক্ষ

মমিনুল আৱালক সদৌ অসম ছাত্ৰ সন্থাৰ কটাক্ষ

অসমৰ সংখ্যালঘূ বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালক সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ কটাক্ষ ৷ দৰাচলতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সংখ্যালঘু বৰ্ডৰ নেতা মমিনুল আৱালে। এই সমস্ত বিষয়টোক খণ্ডন কৰি লুৰিন জ্যোতি গগৈয়ে বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি কয় যে পূৰ্বতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা হিছাপে এনে ধৰণৰ মন্তব্য যথেষ্ট সন্দেহ জনক ৷

বিদেশীসকলক চিনাক্ত কৰণ কৰিবলৈ আমি ভিত্তি বৰ্ষ হিছাপে লৈছো ১৯৭১ চনৰ ২৫ মাৰ্চ। এই ভিত্তিবৰ্ষৰ পিছত অহা অবৈধ লোকসকলে এই ৰাজ্য এৰিব লাগিব। কিন্তু আৱালে এই সকলৰ প্ৰতি সহানুভূতি পূৰ্ণ হৈ উঠিছে ৷ কংগ্ৰেছ,এআইইউডিএফ আৰু বিজেপিৰ মাজত কোনো পাৰ্থক্য নাই ।কংগ্ৰেছ আৰু এআইইউডিএফে প্ৰায়ে ধৰ্মীয় মাধ্যমৰে ৰাজনীতি কৰি আছে ৷

লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিন শৰ্মাই কয় যে আছুয়ে ৰাহুল গান্ধীৰ লগত এখন ফ’টো ক্লিক কৰিছিল ৷ আমি প্ৰশ্ন কৰিছোঁ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনৱালেও কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ লগত ফ’টো ক্লিক কৰিছিল ৷যেতিয়া তেওঁৰ আছু সভাপতি হৈ আছিল গতিকে তাৰ অন্তৰালত কি থাকিব পাৰে।

উল্লেখ্য যে, অসমৰ সংখ্যালঘূ বৰ্ড অৰ্থাৎ এএমডিবিয়ে সদৌ অসম ছাত্ৰ সন্থাক ৰাষ্ট্ৰীয় নাগৰিৰ পঞ্জীত তেওঁলোকৰ স্থিতিক লৈ সমালোচনা কৰিছিল। লগতে বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে এক সংবাদমেল সম্বোধন কৰি প্ৰশ্ন কৰে যে বহু মুছলিমলোকৰ নাম অন্তিম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত কৰিলে যদিও সদৌ অসম ছাত্ৰ সন্থা সম্প্ৰতি নিমাত কিয়?

এই পৰিস্থিতিৰ লগত মুখামুখী হ’বলৈ আছুয়ে কি স্থিতি লৈছে। অসমৰ লোকসকলে এই সকলো বিষয় নিৰীক্ষণ কৰি আছে ৷ আৱালে লগতে কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাৰণে প্ৰতিবেদন প্ৰস্তত কৰোতে আছুয়ে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত বৈঠক অনুষ্ঠিত কৰিছিল। আৱালে দাবী কৰে যে বহু বিসংগতিৰ কাৰণে এনআৰচিত বিদেশী অন্তৰ্ভুক্ত হ’বলৈ সুবিধা পালে ৷

উল্লেখ্য যে চূড়ান্ত নাগৰিক পঞ্জীৰ পৰা বাদ পৰিল ১৯,০৬,৬৫৭ জন লোক ৷ অৰ্থাৎ নাম অন্তৰ্ভূক্তিৰ বাবে আৱেদন জনোৱা মুঠ ৩,৩০,২৭,৬৬১ জনৰ ভিতৰত ১৯,০৬,৬৫৭ জন বিদেশী বুলি এন আৰ চিয়ে চিহ্নিত কৰিলে ৷ সম্প্ৰতিবিদেশী ন্যায়াধীকৰণে সিদ্ধান্ত ল’ব কোনো বিদেশী আৰু বিদেশী ভাৰতীয় নাগৰিক ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Bike Borne Robbers loot Man at Digboi-Duliajan Road, Takes away Cash

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com