নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অগপৰ প্ৰতিবাদ,উচ্চতম ন্যায়ালয়ত জাৰি কৰিব আবেদন

 নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অগপৰ প্ৰতিবাদ,উচ্চতম ন্যায়ালয়ত জাৰি কৰিব আবেদন

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অগপৰ প্ৰতিবাদ,উচ্চতম ন্যায়ালয়ত জাৰি কৰিব আবেদন । ব্ৰহ্মপুত্ৰ উপত্যকাত অসম গন পৰিষদে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে লগতে সংগঠনটোৱে উচ্চতম ন্যায়ালয়ত এক আবেদন জাৰি কৰিব । সংগঠনটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰে ৰবিবাৰে অনুষ্ঠিত হোৱা এক বৈঠকত ।

সংবাদ মাধ্যমৰ আগত অসম গন পৰিষদৰ অধ্যক্ষ তথা মন্ত্ৰী অতুল বৰাই কয় যে তেওঁলোকে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সাক্ষাৎ কৰিব । লগতে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান ৰাজ্য এই আইন খনৰ পৰা ৰেহাই পাইছে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাটো এই আইনৰ পৰা ৰেহাই দিবলৈ উচ্চতম ন্যায়ালয়ত আৱেদন জাৰি কৰিব ।

তদুপৰি অতুল বৰাই কয় যে তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনৰ সম্বন্ধে সদৌ‌ অসম ছাত্ৰ সন্থা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু অসম সাহিত্য সভাৰ নেতা সকলৰ লগত চৰকাৰক আলোচনা কৰাৰ বাবে আহ্বান জনাব ।

লগতে বৰাই কয় যে তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আহিছে আৰু ভৱিষ্যতে ও কৰি যাব ।

ভিডিঅ প্ৰতক্ষ্য কৰক : Students boycott exams in Bongaigaon opposing Citizenship (Amendment) Bill

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com