ইংৰাজী ভাষাত ডুবাইত প্ৰদৰ্শন হ'ল অংকীয়া ভাওনা কেলিগোপাল

ইংৰাজী ভাষাত ডুবাইত প্ৰদৰ্শন হ'ল অংকীয়া ভাওনা কেলিগোপাল

ইংৰাজী ভাষাত ডুবাইত প্ৰদৰ্শন হ'ল অংকীয়া ভাওনা কেলিগোপাল ।‌ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল অসমৰ আপুৰুগীয়া সম্পদ। ডুবাইত প্ৰথম বাৰৰ বাবে প্ৰদৰ্শন কৰা হ'ল অংকীয়া ভাওনা কেলিগোপাল ।‌ অসমৰ বাহিৰত উদ্যোগ পৰ্ব আৰু ৰাৱন বধ নামৰ ভাওনা‌ ইৰাংজী ভাষাত মঞ্চস্থ হোৱাৰ পিছতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আপুৰুগীয়া সম্পদ ভাওনা আকৌ এবাৰ বিদেশত মঞ্চস্থ কৰা হয়। পোন প্ৰথমবাৰৰ বাবে বিদেশত অসমৰ সমাজ সংস্কৃতি সংস্থাৰ নেতৃত্বত প্ৰজন্ময়া উন্মেছ নামৰ বেনাৰৰ আধাৰত কেলিগোপাল নাটৰ ভাওনা খন ডুবাইত মঞ্চস্থ কৰা হয়।

এই ভাওনা খনৰ নিৰ্দেশনা কৰে অৰূপ শইকীয়াই । ভাওনাৰ নিৰ্দেশক শইকীয়াই কয় ভাওনা যে মধ্যকালীন ভাৰতৰ এক সমৃদ্ধ সাংস্কৃতিক প্ৰবৃত্তিৰ এক উদাহৰণ হিচাপে স্থাপিত কৰাই তেওঁলোকৰ উদ্দেশ্য। লগতে তেওঁ কয় যে ডুবাইত প্ৰদৰ্শন কৰা ভাওনাৰ কেৱল ভাষা সলনি কৰা হৈছে কিন্তু ভাওনাৰ বৈশিষ্ট্য, নাট , সংলাপ , আ অলংকাৰ, সাজপাৰ , চৰিত্ৰ আদি সকলো একেই আছিল।‌

এই অনুষ্ঠানৰ উদ্বোধন কৰে পদ্মশ্ৰী বঁটা প্ৰাপক তথা ডুবাইৰ উদ্যোগপতি ড° বি আৰ চেট্টীয়ে । ডুবাইত হোৱা এই অনুষ্ঠানটো ডুবাইত থকা অসমীয়া সমাজ আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সহযোগত অনুষ্ঠিত কৰা হয়। এই ভাওনাত মুছলিম যুৱকেও বিশেষ ভূমিকা পালন কৰে।

দৰ্শক সকলে ইংৰাজীত প্ৰদৰ্শন হোৱা ভাওনা অতি আনন্দৰে উপভোগ কৰে। ভাওনা খনৰ মূল ভাষা হ'ল ব্ৰজাৱলী।‌ অসম চৰকাৰৰ হেতু এই অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু নগাঁওৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকে।

ভিডিঅ প্ৰতক্ষ্য কৰক: City Livelihood Centre inaugurated by Parimal Suklabaidya in Hailakandi

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com