অসমত আয়োজন ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা

অসমৰ গুৱাহাটীত অনুষ্ঠিত হৈছে ৭১ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা
অসমত আয়োজন  ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা

গুৱাহাটীঃ বৃহস্পতিবাৰৰ পৰা মহানগৰীত আৰম্ভ হৈছে ৭১ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল চেম্পিয়নশ্বিপ।

উদ্বোধনী দিনটোৰ পৰাই অসমৰ পুৰুষ-মহিলা উভয় দলে অভিযান আৰম্ভ কৰিছে। আনহাতে পুৰুষৰ শাখাত অসমে প্ৰথমখন খেলত মিজোৰামৰ বিৰুদ্ধে আনফালে উদ্বোধনী খেলত মহিলা দলে মণিপুৰৰ বিৰুদ্ধে খেলিব।এইবাৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৫৮টা দলে এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছে। পুৰুষৰ শাখাত অংশগ্ৰহণকাৰী দলৰ সংখ্যা ৩১টা আৰু মহিলা শাখাত ২৭টা দলক একচনত দেখা যাব। পুৰুষ আৰু মহিলা দুয়োটা দলকে ছটাকৈ গ্ৰুপত ভাগ কৰা হৈছে আৰু এই প্ৰতিযোগিতাখন লীগ কম নক আউট ভিত্তিত অনুষ্ঠিত হ'ব। পুৰুষৰ শাখাত অসমে উত্তৰাখণ্ড, তেলেংগানা, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ আৰু মিজোৰামৰ লগতে 'ডি' গ্ৰুপত স্থান লাভ কৰিছে। গ্ৰুপ 'ডি'ত স্থান লাভ কৰা অসম মহিলা দলে গ্ৰুপ পৰ্যায়ত দিল্লী, তেলেংগানা, বিহাৰ আৰু মণিপুৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com