বান-বৰষুণত বাধাগ্ৰস্ত বাঘজানৰ অগ্নিকাণ্ড নিৰ্বাচনৰ চেষ্টা

কিন্তু নিৰ্বাপনৰ চেষ্টা অব্যাহত থকাৰ সময়তে বানৰ পানী সোমাই তৈল ক্ষেত্ৰখন উপচি পৰিছে ৷
বান-বৰষুণত বাধাগ্ৰস্ত বাঘজানৰ অগ্নিকাণ্ড নিৰ্বাচনৰ চেষ্টা

বান আৰু ধাৰাষাৰ বৰষুণত বাধাগ্ৰস্ত হৈছে অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈল ক্ষেত্ৰত সূত্ৰপাত ঘটা অগ্নিকাণ্ড নিৰ্বাপনৰ চেষ্টা ৷ যোৱা ৯জুনৰ দুপৰীয়া তৈলক্ষেত্ৰখনৰ ৫ নম্বৰ খাদত অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ পাছৰে পৰা নিৰ্বাপনৰ চেষ্টা অব্যাহত আছে ৷ কিন্তু নিৰ্বাপনৰ চেষ্টা অব্যাহত থকাৰ সময়তে বানৰ পানী সোমাই তৈল ক্ষেত্ৰখন উপচি পৰিছে ৷ এই কথা সদৰী কৰি এক বিবৃতিত অইল ইণ্ডিয়া লিমিটেডে এক বিবৃতিত কয় যে ধাৰাষাৰ বৰষুণৰ ফলত নৈৰ জলপৃষ্ঠ ধাৰাবাহিকভাবে বৃদ্ধি পাই আছে ৷ ফলত তৈল ক্ষেত্ৰ এখনৰ ভিতৰত বানৰ পানীয়ে প্ৰৱেশ কৰিছে ৷ এই বানত অগ্নিকাণ্ডস্থলীৰ পৰা বাঘজান ই পি এছ সংযোগী পথটো একাঁঠু পানীত বুৰ গৈছে ৷ তদুপৰি "কিল পাম্প" অঞ্চলো বানৰ পানীয়ে বুৰাই পেলাইছে৷ আনহাতে, ডাঙৰী নৈৰ বাঢ়নী পানীয়ে তৈল ক্ষেত্ৰখনৰ পৰা তিনিচুকীয়া সংযোগী পথটো তিনি ঠাইত বুৰাই ৰাখিছে । তদুপৰি তৈল ক্ষেত্ৰখন সংযোগী সকলো পথ বানৰ পানীত বুৰ গৈ আছে ৷ মাথোঁ এটা সংযোগী পথ কথমপি বানৰ কবলৰ পৰা ৰক্ষা পৰি আছে ৷

আনহাতে, এই বানৰ পানী অইলে নিৰ্মাণ কৰা হেলিপেডত প্ৰৱেশ বহু সমস্যাৰ সৃষ্টি হৈছে ।বৰষুণ অব্যাহত থকাত ডুমডুমা-বাঘজান দলং বানৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ একেদৰে ভাৰতীয় সেনাই নিৰ্মাণ কৰিবলৈ বেইলী দলং নিৰ্মাণৰ কামো ধাৰাষাৰ বৰষুণৰ ফলত বাধাগ্ৰস্ত হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com