গুৱাহাটীৰ ৰেল ষ্টেচনত বোমাতংক: বেগত বোম থকাৰ সন্দেহ

গুৱাহাটীৰ ৰেল ষ্টেচনত বোমাতংক: বেগত বোম থকাৰ সন্দেহ

গুৱাহাটীৰ ৰেল ষ্টেচনত বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাত পৰিত্যক্ত বেগত বোমা থকাৰ সন্দেহ কৰা হয়। ইয়াৰ লগে লগে সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। ৰেল ষ্টেচনত বোম থকাৰ খবৰ বিয়পি পৰাৰ লগে লগে লোক সকলৰ মাজত হুৱা দুৱা লাগে ৷ইফালে ৰেল ষ্টেচনত বোম থকা থকাৰ খবৰ পোৱাৰ লগে লগে ঘটনা স্থলীত উপস্থিত হয় আৰপি এফ আৰু জিআৰপিৰ কৰ্মী ৷

তেওঁলোকে বিষয়টোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ আৰু এই সমগ্ৰ বিষয়টোক গুৱাহাটী ৰেলৱে বিষয়ববীয়া,আয়ুক্ত আদি বিষয়াসকলে যাৱতীয় তথয লয় ৷ইফালে পুৱা প্ৰায় ১০.৩০ বজাত অসম আৰক্ষী বিশেষ শাখাৰ গুৱাহাটীৰ বোমা বিশেষজ্ঞ ঘটনাস্থলীত উপস্থিত হয় ঘটনাটোৰ তদন্ত কৰে। তদন্তৰ অন্তত বোমা বিশেষজ্ঞ আৰু তদন্ত কাৰী দলসমূহে কয় যে ইয়াত কোনো ব’ম নাই ৷

বৰঞ্চ কিছুমান পদাৰ্থ এখন কাগজেৰে গোলাকাৰ ৰূপত বান্ধি থোৱা হৈছিল ৷আৰু ২০০ গ্ৰাম তাঁৰেৰে সেই বস্তুটোক বান্ধি থোৱা আছিল ৷ সেয়েহে লোকসকলৰ মাজত বোমাতংকই দেখা দিয়ে ৷গুৱাহাটী আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে দিপাৱলী পটাকাৰ দৰে আছিল ৷ কিন্তু গুৱাহাটী ৰেল ষ্টেচনত পোৱা সামগ্ৰীবিধ সম্প্ৰতি ফৰেনিছিক পৰীক্ষাৰ কাৰণে পঠোৱা হৈছে৷ এই সন্দৰ্ভত যাৱতীয় তদন্ত কৰা হ’ব ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:One dies on being attacked by stray bull in Bongaigaon

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com