অসম বিধানসভা সচিবালয়ত চিচিটিভিৰ ব্যৱস্থা

অসম বিধানসভা সচিবালয়ত চিচিটিভিৰ ব্যৱস্থা
Published on: 

অসম বিধানসভাৰ অধিবেশন ১৮ জুলাইৰ পৰা আৰম্ভ হ’ব ৷ গতিকে সচিবালয়ৰ চৌহদত বহু চি চি টি ভি কেমেৰা ব্যৱস্থা কৰা হৈছে । যাতে এই স্থানত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়। এক বিশেষ সূত্ৰৰ মত অনুসৰি বিধানসভা সচিবালয়ৰ চৌহদত চিচিটিভিৰ ব্যৱস্থা প্ৰথমৰ পৰাই আছে ৷ কিন্তু বহু কেমেৰা সম্প্ৰতি পুৰণি হৈ গৈছে কাৰণে কাম কৰিব নোৱাৰে ৷

ইয়াৰ উপৰিও বিধানসভাৰ সচিবালয়ৰ প্ৰত্যেক কোণত দৃষ্টি ৰাখিবৰ কাৰণে ইতিমধ্যে থকা কেমেৰা সমূহ যথেষ্ট নহয়। ইফালে বিধানসভাৰ চৌপাশৰ সুৰক্ষা সন্দৰ্ভত হোৱা এখন বৈঠকত সকলো গুৰুত্বপূৰ্ণ স্থানত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। য’ত নতুন এমএলএ হোষ্টেলৰ কেন্টিনো সন্নিবিষ্ট আছে ৷লগতে এমএলএ হোষ্টেলৰ পথসমূহতো চিচিটিভি কেমেৰা স্থাপন কৰিব। কৰ্তৃপক্ষই ৷

এক বিশেষ সূত্ৰৰ মত অনুসৰি সচিবালয়ৰ চৌপাশত যাতে কোনো অভাৱনীয় পৰিস্থিতি সৃষ্টি নহয় তাৰ কাৰণে চিচিটিভিৰ লগোৱাৰ সিদ্ধান্ত কৰা হৈছে ৷ উল্লেখ্য যে চিচিটিভিৰ জৰিয়তে বিধানসভাৰ চৌপাশত মন্ত্ৰী,বিধায়কৰ লগতে অন্যান্য ব্যক্তিসকলৰ ওপৰত দৃষ্টি ৰাখিব ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com