অসমত বিনিয়োগৰ বাবে আগ্ৰহ ,মুখ্যমন্ত্ৰী সোণোৱালক সাক্ষাৎ জাপানৰ ৰাষ্ট্ৰদূতৰ

অসমত বিনিয়োগৰ বাবে আগ্ৰহ ,মুখ্যমন্ত্ৰী সোণোৱালক সাক্ষাৎ জাপানৰ ৰাষ্ট্ৰদূতৰ

অসমত বিনিয়োগৰ বাবে আগ্ৰহ ,মুখ্যমন্ত্ৰী সোণোৱালক সাক্ষাৎ জাপানৰ ৰাষ্ট্ৰদূতৰ

জাপান আৰু অসমৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক দৃঢ় কৰি তোলাৰ অংগীকাৰ কৰিছে উভয়ে। মঙলবাৰে দিছপুৰ জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাত্ কৰে ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত সন্তোষী ছুজুকীয়ে। এই সাক্ষাতৰ সময়ত দুয়োজনে অসম আৰু জাপানৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক মধুৰ আৰু দৃঢ় কৰি তুলিবলৈ অংগীকাৰ কৰে। এই উদ্দেশ্য উভয়ে বন্ধুত্ব ৰক্ষাৰ বাবে নিজ নিজ দায়িত্ব পালনৰ প্ৰতিশ্ৰতি পৰস্পৰে পৰস্পৰক প্ৰদান কৰে। জাপানৰ বন্ধুত্বপূৰ্ণ এই সঁহাৰিক প্ৰশংসা কৰি মুখ্যমন্ত্ৰী সোণোৱালে গুৱাহাটীত জাপানৰ প্ৰতিষ্ঠান ‘জাইকা’ৰ সহযোগত কৰি থকা পানী যোগান প্ৰকল্পৰ কাম ক্ষিপ্ৰতৰে সম্পন্ন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ জাপানী ৰাষ্ট্ৰদূতগৰাকীক অনুৰোধ জনায়। মুখ্যমন্ত্ৰীৰ এই অনুৰোধৰ পাছতে ৰাষ্ট্ৰদূত ছুজুকীয়ে কয় যে ইতিমধ্যে তেওঁ নিজেই ‘জাইকা’ৰ পানী যোগান প্ৰকল্পস্থলী পৰিদৰ্শন কৰিছে। প্ৰকল্পটোৰ কাম সন্তোষজনকভাবে আগবাঢ়িছে বুলি তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰদূতগৰাকীয়ে লগতে এইবুলিও আশ্বাস দিয়ে য়ে উক্ত পানী যোগান প্ৰকল্পৰ কাম ক্ষিপ্ৰতৰে সম্পন্ন কৰাৰ উদ্দেশ্য তেওঁৰ কাৰ্যালয়ে ‘জাইকা’ৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিব। উল্লেখ্য যে জাইকাৰ দ্বাৰা গুৱাহাটীত পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ প্ৰায় ১০ বছৰৰ পাছতো মহানগৰবাসীয়ে পানী লাভ কৰা নাই।

বৈঠকৰ সময়ত মুখ্যমন্ত্ৰী সোণোৱালে জাপানী ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে পথ যোগাযোগ, মহিলা সবলীকৰণ, যুৱ বিনিময় কাৰ্যসূচী আদি বিষয়তো আলোচনা কৰে। আনহাতে, অসমৰ সৈতে সহযোগিতা ধৰি ৰখাৰ কথা আওঁৰাই ৰাষ্ট্ৰদূত ছুজুকীয়ে কয় যে অসমত পথ নিৰ্মাণ প্ৰকল্প, দলং নিৰ্মাণ প্ৰকল্প, উত্পাদনী খণ্ড, স্বাস্থ্যখণ্ড আৰু খাদ্য সংসাধন খণ্ড আদিত বিনিয়োগৰ বাবে জাপান আগ্ৰহী। জাপানী ভাষাত দখল থকা অসমৰ যুৱক-যুৱতী জাপানৰ প্ৰয়োজন বুলি ৰাষ্ট্ৰদূতগৰাকীয়ে মুখ্যমন্ত্ৰীক জনায়।তেতিয়া সোণোৱালে কয় যে দক্ষতা উন্নয়ন অভিযানৰ অধীনত অসমৰ দুশ যুৱক-যুৱতীক জাপানী ভাষাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।তদুপৰি এই যুৱক-যুৱতীসকলক দক্ষতা উন্নয়নৰ প্ৰশিক্ষণো প্ৰদান কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

ইপিনে, ভাৰত-জাপান যুৱ বিনিময় কৰ্মসূচী সম্পৰ্কত ৰাষ্ট্ৰদূত ছুজুকীয়ে কয় যে এই যুৱ বিনিময় কাৰ্যসূচীত অসমৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অৰ্থাত্ অসমৰ পৰা জাপান ভ্ৰমণ কৰা যুৱক-যুৱতীৰ সংখ্যা বৃদ্ধি কৰা হ’ব। একেদৰে উক্ত কৰ্মসূচীৰ অধীনত অসম ভ্ৰমণ কৰা জাপানী যুৱক-যুৱতীৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণৰ কথা তেওঁ উল্লেখ কৰে। আনহাতে, জাপানৰ প্ৰধানমন্ত্ৰী ছিঞ্জো এবেক অসমলৈ আদৰিবলৈ অসমবাসী প্ৰস্তুত হৈ আছে বুলি বৈঠকত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখ্য যে যোৱা ডিচেম্বৰত প্ৰধানমন্ত্ৰী এবেই অসম ভ্ৰমণ কৰাৰ কথা আছিল। কিন্তু নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰাত জাপানী প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণ স্থগিত ৰাখে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com