বোকাজানত হাতী দাঁত উদ্ধাৰ , এজন আৰক্ষীৰ জালত

বোকাজানত হাতী দাঁত উদ্ধাৰ , এজন আৰক্ষীৰ জালত

বোকাজানত হাতী দাঁত উদ্ধাৰ , এজন আৰক্ষীৰ জালত । ৰবিবাৰে বোকাজান আৰক্ষীয়ে উদ্ধাৰ কৰে সৰবৰাহ কৰি নিয়া দুটা হাতীৰ দাত । লগতে আৰক্ষীৰ জালত পৰে সৰবৰাহ কাৰী ‌পূৱ কাৰ্বি আংলং জিলাৰ জাপৰাজান অঞ্চলৰ বাৰনিজ ইণ্ড নামৰ লোক জন । এক প্ৰতিবেদন অনুসৰি , আৰক্ষীয়ে বাৰনিছৰ ঘৰত তালাচী চলাই আৰু জাপৰাজানৰ বাসিন্দা বাৰনিছৰ ঘৰৰ পৰা জব্দ কৰে ১০ কেজি ওজনৰ , ২.২ ফুট দীঘল দুটা হাতীৰ দাঁত ।

প্ৰাথমিক অনুসন্ধানত উদঘাটন কৰিছিল যে হাতী দাঁত দুটা কাৰ্বি আংলং জিলাৰ বন অঞ্চলৰ পৰা হাতী চিকাৰীয়ে উদ্ধাৰ কৰিছিল আৰু তেওঁৰ ঘৰত বিক্ৰীৰ কাৰণে ৰাখিছিল । আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা লোকজন পেছাত এজন চিকাৰী আৰু বন্য জীৱ জন্তু সৰবৰাহকাৰী । সম্ভৱতঃ এই হাতী দাঁত দুটা,‌২০১৮ চনৰ নবেম্বৰ মাহৰ বোকাজান ইষ্ট ফৰেষ্ট ডিভিজনৰ বৰমানঠি অঞ্চলত উদ্ধাৰ হোৱা দাঁত বিহীন হাতীটোৰ ।

হাতী দাঁতৰ লগতে আন বনৰীয়া জীৱ জন্তু সমূহৰ বিভিন্ন অংশ সমূহৰ চাহিদা আহে বিশেষকৈ দক্ষিণ পূব এচিয়ান দেশ সমূহৰ পৰা । এই সমূহ চাহিদা হয় বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত বনৰীয়া জীৱ-জন্তুৰ চিকাৰৰ কাৰ্যকালাপ বৃদ্ধি কৰাৰ বাবে ।২০১৯ চনৰ মাৰ্চ মাহত খটখটি আৰক্ষীয়ে বিক্ৰীৰ বাবে অনা ১ ফুট দীঘল হাতী দাঁত উদ্ধাৰ কৰিছিল। যাৰ মূল্য আছিল ২,২৫,০০০ টকা । এই ঘটনাটোত দুজন নগা যুৱকও গ্ৰেপ্তাৰ হৈছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com