চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম লেহেমীয়া গতিৰে চলাৰ অভিযোগ মন্ত্ৰীৰ

চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম লেহেমীয়া গতিৰে চলাৰ অভিযোগ মন্ত্ৰীৰ

বিধানসভা মজিয়াত মংগলবাৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধিনত নগাঁওৰ পৰা ডিব্ৰুগড়লৈকে পথছোৱাৰ কাম লেহেমীয়া গতিৰে হৈছে বুলি প্ৰকাশ কৰে । অগপৰ বিধায়ক প্ৰদীপ হাজৰিকায়ে সোধা প্ৰশ্নৰ উত্তৰত গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে প্ৰকাশ কৰে যে, " ইতিমধ্যে ইয়াৰ সম্পৰ্কে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমক অবগত কৰিছে ।

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমৰ কাম লেহেমীয়া হোৱাৰ সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে কয় যে , নুমলিগড়ৰ পৰা যোৰহাটলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ ২৯ শতাংশ সম্পূৰ্ণ হৈছে। যোৰহাট-জাজী ৩.৫৬ শতাংশ, জাঁজী-ডিমৌৰ ৩.৭৩ শতাংশ সম্পূৰ্ণ হৈছে ।

লগতে হিমন্ত বিশ্ব শৰ্মায়ে প্ৰকাশ কৰে যে, ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমক এই সম্পৰ্কে চাপ দিছে বুলি জনাইছে । ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে ২০২১ চনৰ ভিতৰত কাম সমূহ সম্পূৰ্ণ হব বুলি প্ৰকাশ কৰিছে ।নগাঁও বাইপাছহৈ ৰঙাগড়াহৈ ১৮.৫০০ কিলোমিটাৰ ঠিকা লাভ কৰিছে বুলি প্ৰকাশ কৰে । ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ কাম লেহেমীয়া হোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসন্তুষ্টি ব্যক্ত কৰিছে ।

নগাঁৱৰ বাইপাছৰ পৰা ডিব্ৰুগড় বাইপাছলৈকে এই পথটোৰ অৱস্থা অত্যন্ত শোচনীয় ।টি কে ইঞ্জিনিয়াৰিঙ কন্সোটিয়াম কম্পনীয়ে নগাঁও বাইপাছৰ পৰা ৰঙাগৰালৈকে ১৮.৪ কিলোমিটাৰৰ ফ’ৰ লেন পথৰ কাম কৰিছিল ৷

এই পথৰ মেৰামতিৰ কাৰণে বাজেট আছিল প্ৰায় ১৫৯.২০ কোটি টকা ৷ ইফালে চিমপ্লেক্স ইনফ্ৰাষ্ট্ৰাক্সাৰ লিমিটেডে ৰঙাগৰাৰ পৰা কলিয়াবৰ তিনি আলিৰ পৰা ১৮.৩১৫ কিলোমিটাৰলৈকে এই পথচোৱাৰ কাৰণে আৱন্টিত কৰা হৈছিল প্ৰায় ১৯৬.৪২ কোটি টকা ।কিন্তু এই পথছোৱাৰ কামৰ অগ্ৰগতি অত্যন্ত সীমিত হৈয়ে ৰ’ল ৷

অন্যহাতে গানন ডুমকাৰ্লি এণ্ড ক’ প্ৰাইভেট লিমিটেডেও এনএইচআইডিচিএলৰ পৰা ন’টিছ লাভ কৰিছে । আৰু প্ৰায় ১১৬৪.৯৬ কোটি টকা , যোৰহাটৰ পৰা মৰান বাইপাছলৈকে এই ১০৮ কিলোমিটাৰ পথৰ কাৰণে আৱন্টিত হৈছিল । উল্লেখ্য যে মাৰ্ঘেৰিটা লিডু এই পথছোৱা এনএইচআইডিচিএলৰ অধীনত ৷ ইয়াৰ কাম সম্প্ৰতি আৰম্ভ হৈছে ৷ আশা কৰা হৈছে চলিত বৰ্ষৰ ৩০ জুনলৈকে কাম শেষ হ’ব ৷

আনহাতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো গুৱাহাটীৰ পৰা আৰম্ভ হৈ তিনিচুকীয়ালৈকে গৈছে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে ৯ খন জিলাৰ ৪০০ কিলোমিটাৰ অতিৰিক্ত কৰিছে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে দক্ষিণলৈ যোৱা এক মাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথ । ” ২০১৪ চনৰ পৰা পথছোৱাৰ উপযুক্ত মেৰামতিৰ অভাৱত দিনক দিনে শোচনীয় হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথছোৱা ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com