চৰকাৰৰ প্ৰলোভনৰ ৰাজনীতি : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডুমডুমাত প্ৰতিবাদ

চৰকাৰৰ প্ৰলোভনৰ ৰাজনীতি : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডুমডুমাত প্ৰতিবাদ । দেওবাৰে ডুমডুমা চহৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডুমডুমা চহৰত আছু, স্থানীয় বহুসংখ্যক লোকে এক সমদল কায্যসূচিত অংশগ্ৰহন কৰে । নাগৰিকত্ব সংশোধনী আইনখন কায্যকৰী কৰাৰ দিশত আগবঢ়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান প্ৰলোভনৰ ৰাজনীতি কৰিছে বুলি উল্লেখ কৰি বিভিন্ন সংগঠনৰ সদস্যসকলে এনে নীতিক তীব্ৰভাবে গৰিহনা দিয়ে । দহ হাজাৰতকৈ অধিক লোকে এই কায্যসূচীত অংশগ্ৰহন কৰে। আদিবাসী ছাএ সংগঠনৰ তিনিচুুকীয়া জিলাৰ সম্পাদক সুৰেশ ভূমিজে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী কায্যসূচীত আংশগ্ৰহন কৰে আৰু সম্পূৰ্ণ সহযোগিতা আগবঢ়াই ।চৰকাৰে কায্যকালৰ শেষৰ ফালে এশ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় চাহ জনগোষ্ঠীৰ এলেকাসমূহত গঠন কৰাৰ যি আচঁনি লৈছে তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে ছাত্ৰ নেতা ভূমিজে ।

অন্যহাতে আছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চিএৰঞ্জন বসুমতাৰিয়ে অসমীয়াৰ আবেগক অমান্য কৰা আৰু ত্যাগক অৱহেলা কৰা প্ৰধানমন্ত্ৰী মোডী আৰু আৰ এছ এছ ক তীব্ৰ সমালোচনা কৰে । প্ৰতিবাদ স্থলিত উপস্থিত থকা অসম জাতিয়তাবাদী যুব ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমায়ে কয় যে চৰকাৰে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিবলৈ জাতি জনগোষ্ঠীৰ লোকসকলৰ বাবে যিধৰনৰ প্ৰলোভনমুলক আচঁনি লৈছে তাৰ তেওঁ বিৰোধিতা কৰিছে আৰু লগতে দাবী জনায় যে সকলোকে যাতে আগন্তক বিধানসভা নিৰ্বাচনত প্ৰধানমন্দ্ৰী মোডী আৰু আৰএছ এছ ক উচিত শিক্ষা দিয়ে ।প্ৰতিবাদী সভাত উপস্থিত থাকে অধিবক্তা উপমন্যু হাজৰিকা , সদৌ মৰান ছাএ সংগঠনৰ উপ সভাপতি দেবেশ্বৰ মৰান আৰু সদৌ টাই আহোম ছাএ সংগঠনৰ মিলন বুঢ়াগোহাই । অনুষ্ঠানত দেশপ্ৰেমৰ কবিতা আৰু গানেৰে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

অন্যহাতে, কংগ্ৰেছ দলে দেওবাৰে ডুমডুমাত শদিয়াৰ পৰা ধুবুৰী লৈ অস্তিত্ব ৰক্ষা জন জাগৰন যাত্ৰা উলিয়াই । দলটোৱে চেপাখোৱা , তালাপ ,তিপুক আৰু ৰুপাইচিদিংত সভা অনুষ্ঠিত কৰে । ডুমডুমাৰ গান্ধী চকত এক সভা অনুস্থিত কৰে কংগ্ৰেছ দলে । যত উপস্থিত থাকে কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা, দেৱব্ৰত শইকীয়া,অপূব ভট্টাচাৰ্য আৰু বিধায়ক দুৰ্গা ভূমিজ । এই জন জাগৰন যাএা নাগৰিকত্ব সংশোধনী আইনখনক প্ৰত্যাহাৰ কৰা, ছয় জনগোষ্ঠীৰ জনজাতিকৰন আৰু চাহ কৰ্মীৰ মাছুল বৃদ্ধিৰ দাবীত কৰা হৈছে বুলি জনায় দলটোৱে।

ভিডিঅ প্ৰতক্ষ্য কৰক: AASU ‘Gana Satyagraha Programme’ against CAA 2019 in Golaghat

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com