ৰাজ্যিক বাতৰি
কাৰ্যালয়ত উপায়ুক্তই মাৰিলে চৰ কৰ্মচাৰীক
অসমৰ কোকৰাঝাৰ জিলাৰ এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে অভিযোগ কৰিছে যে এগৰাকী আই এ এছ বিষয়াই তেওঁ টিফিন বক্সৰ লগত বেগ ননাৰ বাবে তেওঁক চৰ মাৰি অপদস্থ কৰে
গুৱাহাটীঃ অসমৰ কোকৰাঝাৰ জিলাৰ এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে তেওঁ টিফিন বক্স কেৰী বেগত ননাৰ বাবে উপায়ুক্তই
চৰ মাৰি অপদস্থ কৰা বুলি অভিযোগ কৰিছে। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে বিষয়াগৰাকীয়ে।বৰ্ণালী ডেকাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। কোকৰাঝাৰত চৰকাৰী কৰ্মচাৰী হিচাপে কৰ্মৰত ৫০ বছৰীয়া দিপক দাস নামৰ এজন ব্যক্তিয়ে এই অভিযোগ উত্থাপন কৰিছে।