অসমীয়া-বঙালীৰ মাজত সমন্বয় বৃদ্ধিৰ লক্ষ্য,বাংলা ভাষাত প্ৰকাশ পালে কলাগুৰু ৰাভাৰ জীৱনীগ্ৰন্থ
অসমীয়া- বঙালীৰ মাজত সমন্বয় বৃদ্ধিৰ লক্ষ্য,বাংলা ভাষাত প্ৰকাশ পালে কলাগুৰু ৰাভাৰ জীৱনীগ্ৰন্থ ।কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অগনন গুণমুগ্ধৰ বাবে সুখবৰ! বিপ্লৱী শিল্পী, স্বাধীনতা ৰণৰ অগ্ৰণী সেনানী, দেশত সমাজবাদ স্থাপনৰ বাবে ওৰে জীৱন পাত কৰা কলাগুৰু ৰাভাৰ এখন জীৱনীগ্ৰন্থ বাংলা ভাষাত প্ৰকাশ পাইছে। মহান শিল্পীগৰাকীৰ জীৱনাদৰ্শ অসমৰ বাহিৰতো প্ৰচাৰৰ উদ্দেশ্য প্ৰকাশ কৰা কলাগুৰুৰ এই জীৱনীগ্ৰন্থ ৰচনা কৰিছে প্ৰসিদ্ধ বাঙালী শিক্ষাবিদ বাসুদেৱ দাসে। “আমাৰদেৰ বিষ্ণুপ্ৰসাদ ৰাভা’ শীৰ্ষক এই জীৱনীগ্ৰন্থ কলকাতাৰ ছেইণ্ট পাউলছ কেথেড্ৰেল মিছন কলেজত আয়োজিত এক অনুষ্ঠানত অলপতে মুকলি কৰা হয়। উল্লেখ্য যে অসমৰ উত্তৰ লখিমপুৰ কলেজ আৰু কলকাতাৰ ছেইণ্ট পাউলছ কেথেড্ৰেল মিছন কলেজে অসমীয়া আৰু বাঙালীৰ মাজত বান্ধোন শক্তিশালীকৰণৰ উদ্দেশ্য যোৱা বছৰৰ ছেপ্টেম্বৰত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। চুক্তি অনুসৰি শিক্ষানুষ্ঠান দুখনে অসমীয়া আৰু বাঙালীৰ মাজত সমন্বয় বৃদ্ধি আৰু বিদ্যায়তনিক উত্কৰ্য সাধনৰ লক্ষ্য লৈছে।
এই চুক্তিৰ অংশৰূপে উত্তৰ লখিমপুৰ কলেজৰ অসমীয়া বিভাগ আৰু ছেইণ্ট পাউলছ কেথেড্ৰেল মিছন কলেজে কলাগুৰুৰ জীৱনীগ্ৰন্থখন প্ৰকাশৰ উদ্যোগ লয়। এই কথা সদৰী কৰি উত্তৰ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ অৰবিন্দ ৰাজখোৱাই এক বিবৃতিত জনোৱা মতে, যোৱা ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত ছেইণ্ট পাউলছ কেথেড্ৰেল মিছন কলেজত দুয়োখন কলেজৰ যুটীয়া উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কে এক ৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ আয়োজন কৰা হয়। ‘ অসমীয়া আৰু বাঙালীৰ সম্পৰ্কৰ বিশেষ উদ্ধৃতিৰে বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভাৰতীয় সংস্কৃতি” শীৰ্ষক বিষয়ত আয়োজিত এই দুদিনীয়া আলোচনাচক্ৰত সাহিত্য একাডেমীৰ প্ৰাক্তন আঞ্চলিক সচিব ডঃ ৰামকুমাৰ মুখোপাধ্যায়ে ৰাভাৰ জীৱনীগ্ৰন্থখন উন্মোচন কৰে। গ্ৰন্থখনি উন্মোচন কৰি দিয়া ভাষণত ডঃ উপাধ্যায়ে এনে এক অনুকৰণীয় উদ্যোগ লোৱাৰ বাবে দুয়োখন কলেজক উচ্চ প্ৰশংসা কৰি অসমীয়া আৰু বাঙালীৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালীকৰণত গুৰুত্ব আৰোপ কৰিবলৈ সকলোকে আহ্বান জনায়।
আনহাতে, গ্ৰন্থখনৰ লেখক বাসুদেৱ দাসে ভাষণত কয় যে এই গ্ৰন্থ ৰচনা কৰাটো তেওঁৰ জীৱনৰ এক অতি উল্লেখনীয় আৰু অবিস্মৰণীয় কাৰ্য। গ্ৰন্থখন ৰচনা কৰি তেওঁ অনাবিল আনন্দ লাভ কৰা বুলিও মন্তব্য কৰে। ইপিনে, অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে ছেইণ্ট পাউলছ কেথেড্ৰেল মিছন কলেজৰ অধ্যক্ষ দেৱাশীষ মণ্ডলে। অনুষ্ঠানত মূল বক্তব্য আগবঢ়ায় ৰাজ্যৰ লোক-সংস্কৃতিৰ বিশিষ্ট গৱেষক ডঃ অনিল শইকীয়াই। অনুষ্ঠানত আলোচনাচক্ৰৰ মূল আৰু উপ-বিষয়ত অসম আৰু পশ্চিমবংগৰ ৭০গৰাকী বিশিষ্ট শিক্ষাবিদ তথা গৱেষকে অসমীয়া, বাংলা আৰু ইংৰাজী ভাষত গৱেষণা পত্ৰ পাঠ কৰে।
অন্য খবৰৰ বাবে পঢ়ক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৮ সংখ্যক দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ ৰাজ্যপাল জগদীশ মুখীৰ