বিশ্বত আদৰ্শ হিছাপে ভাৰতবৰ্ষক পৰিগণিত কৰিব লাগেঃমুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

বিশ্বত আদৰ্শ হিছাপে ভাৰতবৰ্ষক পৰিগণিত কৰিব লাগেঃমুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

বিশ্বত আদৰ্শ হিছাপে ভাৰতবৰ্ষক পৰিগণিত কৰিব লাগে। ৰাজ্যিক বিজেপিয়ে বুধবাৰে মহানগৰীত উদযাপন কৰে গান্ধী জয়ন্তী। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মহাত্মা গান্ধীৰ ভাৰতবৰ্ষক মডেল চিটী হিচাপে নিৰ্মাণ কৰিবলৈ আহ্বান কৰে ।ৰাজ্যিক বিজেপিয়ে মহাত্মা গান্ধীৰ সংকল্প যাত্ৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে মহাত্মা গান্ধীৰ স্বচ্চ আৰু সেউজ ভাৰতৰ সপোনত বাস্তৱত ৰূপায়িত কৰিব পাৰি ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত শাসনলৈ আহোতে ভাষণ প্ৰসংগত স্বচ্চ অভিযানৰ বিষয়ে মন্তব্য কৰিছিল। আৰু সম্প্ৰতি সেই স্বচ্ছ ভাৰত অভিযান এক আন্দোলনলৈ পৰিণত হৈছে। মুখ্যমন্ত্ৰী সোনোৱালে লগতে কয় যে যদি স্বচ্ছ ভাৰত অভিযান বৃক্ষ ৰোপন,যোগ,জল সংৰক্ষণ,প্লাষ্টিক প্ৰতিবন্ধ আদিৰ মাধ্যমেৰে পালন কৰা হয় তেন্তে ভাৰতবৰ্ষ বিশ্বৰ কাৰণে আদৰ্শত পৰিণত হ’ব। উল্লেখ্য যে এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তুনু ভৰালী,দিছপুৰ বিধায়ক অতুল বৰা উপস্থিত আছিল।

লগতে মুখ্যমন্ত্ৰী সোনোৱালে খেলুৱৈ সকলক একাগ্ৰতাৰে আগবাঢ়ি যাবলৈ কোৱাৰ লগতে দেশৰ কাৰণে গৌৰৱ কঢ়িযাই আনিবলৈ আহ্বান কৰে ৷ড° ভূপেন হাজৰিকাৰ গীতত থকাৰ দৰে সমগ্ৰ বিশ্ব এখন খেল পথাৰ ৷যুৱ প্ৰজন্মই সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি ক্ৰীড়াক জীৱনৰ অংশ হিছাপে ল’ব লাগে। এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Durga Puja 2019: Watch Durga Preparations at Ugratara Devalaya in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com