জম্মু কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণেও উপভোগ কৰিব পাৰিব সকলো অধিকাৰ : ৰূপম গোস্বামী

জম্মু কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণেও উপভোগ কৰিব পাৰিব সকলো অধিকাৰ : ৰূপম গোস্বামী
Published on

জম্মু কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণেও উপভোগ কৰিব পাৰিব সকলো অধিকাৰ " : ৰূপম গোস্বামী ।বুধবাৰে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় একতা অভিযানৰ তত্বাৱধানত বিজেপিৰ জন জাগৰন সভা অনুষ্ঠিত হয় । এই সভা অনুচ্ছেদ ৩৭০ নং আৰু ৩৫ (A) বাতিলৰ ওপৰত আলোচনাৰ বাবে অনুষ্ঠিত হয় । এই সভাখন ধুবুৰী জিলা একতাৰ সভাপতি দিপক কুমাৰ চাহাই আৰম্ভ কৰে আদৰনি ভাষন আৰু শ্ল'গান " এক ৰাষ্ট্ৰ , এক নিচান , এক সংবিধানৰ " জৰিয়তে ।‌

দুলীয়াজান নুমলীগড় পাইপ লাইন এল টি ডি আৰু ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপম গোস্বামীয়ে কেন্দ্ৰীয় চৰকাৰে বাতিল কৰা অনুচ্ছেদ ৩৭০ আৰু ৩৫ ( A) বাতিলৰ সিদ্ধান্ত আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চল সৃষ্টি কৰাৰ সিদ্ধান্তক প্ৰশংসা কৰে । লগতে ৰূপম গোস্বামীয়ে কয় যে , " ৭০ বছৰৰ অপেক্ষাৰ অন্তত অৱশেষত প্ৰযোজ্য হৈ থকা দুটা অনুচ্ছেদ কৰা হ'ল । এই অনুচ্ছেদৰ ফলত সেই অঞ্চলৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত প্ৰতিবদ্ধ হৈ পৰিছিল।

এতিয়া জম্মু কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণেও ভাৰতৰ আন ব্যক্তিয়ে লাভ কৰা সকলো অধিকাৰ উপভোগ কৰিব পাৰিব " । ৰাজ্যিক উপ-সভাপতি দলৰ উপ সভাপতি বিমল ওচৱালে ও এই সভাত সম্বোধন কৰি ৰূপম গোস্বামীক সমৰ্থন কৰি কয় যে , প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শ্যাম প্ৰসাদ মুখাৰ্জীৰ ত্যাগ ব্যৰ্থ হ'ব নিদিয়ে ।

তাৰোপৰি বিমল ওচৱালে কয় যে , " অনুচ্ছেদ ৩৭০ আৰু ৩৫ (A) বাতিল হোৱাৰ ফলত সেই অঞ্চলৰ সন্ত্ৰাসবাদী আৰু কিছুমান ৰাজনৈতিক নেতাই তেওঁলোকৰ স্হিতি হেৰুৱাব। তাৰোপৰি এতিয়া সেই অঞ্চলৰ সকলো ক্ষেত্ৰৰে বিকাশ হ'ব যি বোৰ অনুচ্ছেদ ৩৭০ আৰু ৩৫ (A ) প্ৰযোজ্য হৈ থকা সময়ত সম্ভৱ নাছিল " ।এই সভা খনত গোলোকঞ্জৰ বিধায়ক অশ্বনী ৰয় চৰকাৰ আৰু বিজেপিৰ আন বহুতো নেতা উপস্হিত থাকে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com