অসমৰ চাৰিজন পলায়ন কৰা নাবালকক উদ্ধাৰ ৰে'ল সুৰক্ষা বাহিনীৰ

উত্তৰ-পূব সীমান্ত (এন এফ) ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফে উদ্ধাৰ কৰে চাৰিজন নাবালকক
অসমৰ চাৰিজন পলায়ন কৰা নাবালকক উদ্ধাৰ ৰে'ল সুৰক্ষা বাহিনীৰ
Published on

গুৱাহাটীঃ উত্তৰ-পূব সীমান্ত ৰে'লৱে সুৰক্ষা বাহিনীয়ে ২৭ জানুৱাৰীত এন এফ ৰে'লৱে নেটৱৰ্কৰ জৰিয়তে বিভিন্ন ড্ৰাইভ আৰু অভিযানত বিভিন্ন ষ্টেচনৰ পৰা চাৰিজন নাবালকক উদ্ধাৰ কৰে। পিছত উদ্ধাৰ কৰা নাবালকসকলক তেওঁলোকৰ নিৰাপদ তত্ত্বাৱধান আৰু অধিক পদক্ষেপৰ বাবে চাইল্ডলাইন/পিতৃ-মাতৃক গতাই দিয়া হয়। কামাখ্যাৰ আৰ পি এফৰ লগতে গুৱাহাটীৰ অপৰাধ চোৰাংচোৱা শাখাৰ দলটোৱে কামাখ্যা ৰেলৱে ষ্টেচনত নিয়মীয়াকৈ পৰীক্ষা কৰি পলায়ন কৰা নাবালিক এজন উদ্ধাৰ কৰে। পিছত উদ্ধাৰ হোৱা নাবালকজনক গুৱাহাটীৰ ৰেলৱে চাইল্ডলাইনক গতাই দিয়ে

আন এক ঘটনাত লামডিং আৰ পি এফে লামডিং ৰেলৱে ষ্টেচনত চলোৱা অভিযানত এগৰাকী পলায়ন কৰা নাবালিকা আৰু দুজন পলায়ন কৰা নাবালক ল'ৰাক উদ্ধাৰ কৰে। চিনাক্তকৰণৰ পিছত শিশুকেইটাৰ নিজ নিজ পিতৃ-মাতৃক আৰ পি এফে অৱগত কৰে। পিছত উদ্ধাৰ হোৱা নাবালকক উপযুক্ত পৰীক্ষণৰ অন্তত নিজ নিজ পিতৃ-মাতৃৰ হাতত গতাই দিয়ে। ২০২২ চনৰ এপ্ৰিলৰ পৰা ডিচেম্বৰ মাহলৈকে এন এফ ৰেলৱেৰ আৰ পি এফে ৬৮৬ নাবালক শিশু আৰু ৩৯ গৰাকী মহিলাক উদ্ধাৰ কৰাৰ লগতে ১০ জন মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। উদ্ধাৰ কৰা শিশু আৰু মহিলাক চাইল্ডলাইন/এন জি অ', অভিভাৱক আৰু চৰকাৰী ৰে'ল আৰক্ষীক গতাই দিয়ে। এন এফ ৰেলৱে নেটৱৰ্কৰ জৰিয়তে 'মেৰী চাহেলী' গঠন কৰা হৈছে আৰু মহিলা/শিশু যাত্ৰীসকলক কোনো ধৰণৰ জৰুৰীকালীন অৱস্থাত ১৩৯ নং হেল্পলাইনৰ সুৰক্ষা/নিৰাপত্তা আৰু ব্যৱহাৰৰ বিষয়ে সজাগ কৰাৰ বাবে ২৪ ঘণ্টাই কাম কৰি আছে বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com