ৰাজ্যসভাৰ সাংসদৰূপে শপতগ্ৰহণ ৰঞ্জন গগৈৰ, কংগ্ৰেছৰ সদন ত্যাগ

ৰাজ্যসভাৰ সাংসদৰূপে শপতগ্ৰহণ ৰঞ্জন গগৈৰ, কংগ্ৰেছৰ সদন ত্যাগ
Published on

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অসম সন্তান ৰঞ্জন গগৈয়ে বৃহস্পতিবাৰে ৰাজ্যসভাৰ সাংসদৰূপে শপতগ্ৰহণ কৰে ৷ যোৱা ১৬ মাৰ্চত ৰাষ্ট্ৰপতি ৰামনাথ ক’ৱিন্দই প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈক ৰাজ্যসভাৰ সাংসদৰূপে মনোনীত কৰে ৷ ইয়াকে লৈ দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে গগৈয়ে আজি শপতগ্ৰহণ কৰে ৷ ইয়াৰ প্ৰতিবাদ জনাই বিৰোধী কংগ্ৰেছে সদন ত্যাগ কৰে ৷ ইয়াৰ পূৰ্বৰে পৰা দলে গগৈৰ মনোনীতকাৰণৰ প্ৰতিবাদ জনাই আহিছে ৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল ছিবালে গগৈক সাঙুৰি মোদী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৷ একেদৰে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰপতিদ্বয় কুৰিয়ান যোচেফ আৰু মাৰ্কেন্দ্ৰেয় কাটজোৱেও গগৈক অতি কঠোৰ শব্দ প্ৰয়োজেৰে সমালোচনা কৰে ৷ উল্লেখ্য যে সাংবিধানিক নিয়ম অনুসৰি ৰাষ্ট্ৰপতিয়ে ১২জন সাংসদক ৰাজ্যসভালৈ মনোনীত কৰিব পাৰে ৷ আজি গগৈয়ে শপতগৱৰহণ কৰাৰ সময়ত লজ্জাজনক, লজ্জাজনক আখঝ হি বিৰোধী কংগ্ৰেছ সাংসদসকলে সদন ত্যাগ কৰি উলাই যায় ৷ উল্লেখ্য যে যোবা বছৰৰ নৱেম্বৰত গগৈয়ে দেশৰ মুখ্য ন্যায়াধীশৰূপে অৱসৰ গ্ৰহণ কৰে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: KMSS leader Akhil Gogoi granted bail as NIA fails to submit charge-sheet

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com