মন্ত্ৰী সকলক সময়মতে কাৰ্যালয়ত উপস্থিত থাকিবলৈ আহ্বান সদৌ অসম কৰ্মচাৰী পৰিষদৰ

মন্ত্ৰী সকলক সময়মতে কাৰ্যালয়ত উপস্থিত থাকিবলৈ আহ্বান সদৌ অসম কৰ্মচাৰী পৰিষদৰ
Published on

সদৌ অসম কৰ্মচাৰী পৰিষদে প্ৰকৃত কৰ্ম সংস্কৃতি গঢ়ি তুলিবলৈ আহ্বান জনাইছে । মন্ত্ৰী সকলক নিৰ্ধাৰিত সময়ত কাৰ্যালয়ত উপস্থিত থাকিবলৈ আহ্বান জনাই সদৌ অসম কৰ্মচাৰী পৰিষদে । মন্ত্ৰী, কৰ্মচাৰী আৰু ৰাইজে একেলগে কাম কৰিলেহে সকলো কাম নিয়াৰিকৈ হব বুলিও প্ৰকাশ কৰে কৰ্মচাৰী পৰিষদে ।

প্ৰায় সংখ্যক মন্ত্ৰীয়ে কাৰ্যালয়ত উপস্থিত থাকে পিছবেলা । আকৌ কিছু সংখ্যকে সন্ধিয়া আহে নিশা দেৰি লৈকে কাম কৰে , যেতিয়া কাৰ্যালয়ৰ কাম শেষ হয়। আনহাতে বহুসংখ্যকে তেওঁলোকৰ গৃহ সমষ্টিত সময় কটাই বেছি ভাল পায়।

সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক বাসৱ চন্দ্ৰ কলিতায়ে প্ৰকাশ কৰে যে, " প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে, সকলো মন্ত্ৰীয়ে ৯.৩০ কাৰ্যালয়ত উপস্থিত হব লাগিব কাম সমূহ নিৰিক্ষন কৰিবলৈ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই কৰ্ম সংস্কৃতি অসমতো ৰূপায়ণ কৰিছিল । যেতিয়া মন্ত্ৰী সকলক ভ্ৰমণ কৰি নাথাকে তেতিয়া তেওঁলোকক সময় মতে কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল । কৰ্মচাৰী সকলৰ দৰেই মনি সকলেও জনসাধাৰণৰ হৈ কাম কৰিব লাগিব । মন্ত্ৰীৰ অনুপস্থিতিত কাৰ্যালয়ত যথেষ্ট সমস্যাৰ সন্মুখীন হয়। জৰুৰী আৰু তাৎক্ষনিক সিন্ধান্ত সমূহ মন্ত্ৰীৰ অনুপস্থিতিত গ্ৰহণ কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। কিন্তু মন্ত্ৰী সকল ১১ বজাত কাৰ্যালয়ত উপস্থিত হোৱাৰ ৰেকৰ্ড আছে। কিছুমান মন্ত্ৰীয়ে সন্ধিয়া কাৰ্যালয়ত উপস্থিত হয় , আৰু নিশালৈকে কাম কৰে , যেতিয়া কৰ্মচাৰী সকলৰ সময় শেষ হয়।

" ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহুতো লোক মন্ত্ৰী সকলক লগ কৰিবলৈ আহে । মন্ত্ৰী সকলক অনুপস্থিতিত বহুতো লোকে তেওঁলোকৰ কাম সমূহৰ সমাধান নোহোৱা কৈয়ে উভতি যাব লগা হয় । এনে ঘটনায়ে লোকসকলৰ মাজত হাৰাশাস্তিৰ সৃষ্টি কৰে। কৰ্ম সংস্কৃতি বৃদ্ধিৰ বাবে কৰ্মচাৰীৰ সময় আধা ঘন্টা বৃদ্ধি কৰা হৈছে । কৰ্মচাৰী সকলক এই নিৰ্দেশনা কঠোৰ ভাৱে মানিবলৈ কোৱাৰ হৈছিল । কিন্তু মন্ত্ৰী সকলৰ ক্ষেত্ৰত এই নীতি কিয় প্ৰযোজ্য নহব বুলিও প্ৰকাশ কৰে বাসব কলিতায়ে।

" যেতিয়া মন্ত্ৰী সকল বাহিৰত থাকে, তেতিয়া এনে কিছুমান পৰিস্থিতিৰ সৃষ্টি হয় যে যিকোনো ধৰণৰ জৰুৰী আৰু তাৎক্ষনিক সিন্ধান্ত গ্ৰহণ কৰিব লগা হয় । কিন্তু মন্ত্ৰী সকলৰ অনুপস্থিতিত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । মন্ত্ৰী ঘূৰি অহালৈকে বহু কেইদিন অপেক্ষা কৰিব লগা হয় এনে সিদ্ধান্ত সমূহ গ্ৰহণ কৰিবলৈ। মন্ত্ৰী সকলে ভ্ৰমণ কৰিব লগা হয়। কিন্তু যদি তেওঁলোকৰ এটা সপ্তাহত এক নিদিষ্ট সূচী থাকে তেতিয়া এনে সিদ্ধান্ত সমূহ গ্ৰহণৰ ক্ষেত্ৰত সুবিধা হব । প্ৰধানমন্ত্ৰীয়ে যি নিৰ্দেশনা জাৰি কৰিছে সেয়া নিশ্চিত ভাৱে ভাল সিদ্ধান্ত আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও এই সিদ্ধান্তত সমৰ্থন জনাইছে বুলি প্ৰকাশ কৰে বাসব কলিতায়ে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com