সৰ্বস্তৰৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ বাবে চৰকাৰে কাম কৰিছে : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

সৰ্বস্তৰৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ বাবে চৰকাৰে কাম কৰিছে : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

সৰ্বস্তৰৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ বাবে চৰকাৰে কাম কৰিছে এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। চাবুৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত বিন্ধাকাটা অঞ্চলত বিভিন্ন উন্নয়ন মূলক কাৰ্যৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । চাবুৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত বিন্ধাকটাত বিভিন্ন ধৰণৰ উন্নয়ন মূলক কাৰ্যৰ আধাৰশিলা স্থাপনৰ বাবে এখন সভা অনুষ্ঠিত হয়।

সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে , " ভাৰতবৰ্ষক বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰৰূপে গঢ়ি তুলিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা বিভিন্ন উন্নয়ন মূলক পদক্ষেপ গ্ৰহণ কৰিছে যাৰ ফলত গাৱে ভূঞে আজি উন্নয়ন হৈছে । সকলো শ্ৰেণীৰ লোকৰ বাবে সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰাৰ পৰিবেশ সম্ভৱ হৈছে। ইয়াৰ বাবে সাংবিধানিক নীতি নিয়মৰ প্ৰতি ৰাইজৰ আস্হা বৃদ্ধি পাইছে । অসমৰ চৰকাৰেও ৰাজ্য খনৰ সৰ্বস্তৰৰ বিকাশৰ বাবে " সবকা পাৰ সবকা বিকাশ আৰু সবকা বিশ্বাস " নীতিৰে কাম কৰি আহিছে " ।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩ টা আধাৰশিলা স্থাপন কৰে । ৩ কোটি টকা ব্যয়ৰে বিন্ধাকাটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাথঁনি প্ৰকল্পৰ লগতে ২.৪৪ কোটি টকা ব্যয়ৰে অসম চৰকাৰৰ এচ অ পিডি ৰ অধীনত ডি আৰু টি পথ আৰু ২.৯ কোটি টকা ব্যয়ৰে দিনজান পথ তথা ডিব্ৰুগড় গ্ৰাম্য সংমণ্ডলে নিৰ্মাণ কৰিব লগীয়া ২.২ কি. মি দৈৰ্ঘ্য ৰ তিনিটা পথৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এই তিনিটা পথ হৈছে ক্ৰমে : ডি আৰ টি পথৰ পৰা নামনি বৰগাধৈ , কাজিখোৱা বিন্ধিকটা পথৰ পৰা ডি আৰ টি পথ আৰু নামনি বাৰগাধৈ নামঘৰ পথ । চাবুৱা ৰ লগতে সমগ্ৰ ৰাজ্যত বিকাশ আৰু উন্নয়নৰ বাবে বিভিন্ন পন্হা হাতত লোৱা হৈছে বুলি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে কয় যে , চাবুৱা সমষ্টিৰ বিকাশৰ বাবে কমেও ১৫০ কোটি টকা ব্যয় কৰা হৈছে ।

চাবুৱা বিধান সভা সমষ্টিৰ বিধায়ক লগতে সাংসদ গৰাকীয়ে সমষ্টিটোৰ যাতায়ত আৰু যোগাযোগ ব্যৱস্থা উন্নতিৰ বাবে লোৱা পদক্ষেপৰ সলাগ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বুদ্ধিকান্তা হাইস্কুলৰ পুৰণি দিনবোৰ মনত পেলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেই অঞ্চলৰ শিক্ষক আৰু অভিভাৱক সকলক তেওঁলোকৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে ভাল নীতি জ্ঞান দিয়াৰ লগতে লৰা ছোৱালী সকলক পঢ়াৰ প্ৰতি অনুপ্ৰৰনা বা উৎসাহ জনাবলৈ কয় ।

ৰাজ্য খনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে কোনো ধৰনৰ বিবাদৰ সৃষ্টি নহয় তাৰ ওপৰত লক্ষ্য ৰাখিবলৈ কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

পূৰ্বৰ চৰকাৰক সমালোচনা কৰি কয় যে , পূৰ্বৰ চৰকাৰে কেৱল ৩ হাজাৰ কি.মি দৈৰ্ঘ্যৰ পথহে নিৰ্মাণ কৰিছিল কিন্তু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ১০,৫০০ কি.মি দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ লক্ষ্য ৰাখিছে ।

লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, বিগত বৰ্ষত ৫ লাখ কৃষকক কৃষিৰ সা - সজুলি ৰ বাবে ৫০০০ টকা আৰু চলিত বৰ্ষত ৬ লাখ কৃষকক ৫০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব । উক্ত সভাত চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই আদৰনীয় ভাষন দিয়ে । চাবুৱা ৰ বিধায়ক তথা সাংসদ ৰামেশ্বৰ তেলী ,অসম গেছ কোম্পানী লিমিটেড ৰ উপ অধ্যক্ষ ইন্দ্ৰ গগৈ , জিলা উপায়ুক্ত পল্লৱ জাহ , লগতে বহুতো জন প্ৰতিনেধী ও উপস্থিত থাকে উক্ত সভাত।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com