নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কটনিয়ানৰ গণ অনশন কাৰ্যসূচী ৰূপায়ন

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কটনিয়ানৰ গণ অনশন কাৰ্যসূচী ৰূপায়ন

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কটনিয়ানৰ গণ অনশন কাৰ্যসূচী ৰূপায়ন। বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে নাগৰিকত্ব সংশোধনী আইন‌ ২০১৯ বাতিলৰ দাবীত পুৱা ১০ বজাৰ পৰা আবেলি ৫ বজালৈ গণ অনশন কাৰ্যসূচী ৰূপায়ন কৰে ।

বিশ্ববিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলৰ উপৰিও সীতানাথ লহকৰ , উদয় কুমাৰ গগৈ, জ্যেষ্ঠ সাংবাদিক অদীপ ফুকন,অসম উন্নয়ন পৰিষদৰ জয়ন্ত গগৈ, শিল্পী অজয় ফুকনৰ লগতে আন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়‌ , মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই গণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

সংবাদ মাধ্যমৰ আগত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিৰক জ্যোতি বৰাই কয় যে তেওঁলোকে দুটা মূল কাৰণত এই গণ অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে । তেওঁ কয় যে তেওঁলোকে কেতিয়াও নাগৰিকত্ব সংশোধনী আইন মানি নলয় আৰু কয় যে ," আমি বিশ্বাস কৰো উচ্চতম ন্যায়ালয়ে অসম আৰু ভাৰতবৰ্ষৰ জনসাধাৰণৰ হকে শুনানি প্ৰদান কৰিব । আমি গম পাইছো যে কেন্দ্ৰই আৰু সময় বিচাৰিছে। এতিয়া প্ৰশ্ন এই যে যদি এতিয়ালৈ তেওঁলোকে এইখিনি কব নোৱাৰে যে কিয় এই অধিসূচনা জাৰি কৰিছে তেন্তে এয়া সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ।

সন্দিকৈ মহাবিদ্যালয়ৰ‌ এগৰাকী ছাত্ৰী কস্তুৰী চুতীয়াই কয় যে তেওঁলোকৰ অৱস্থান স্পষ্ট যে ছাত্ৰ সমাজে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিবৰ । তেওঁ কয় যে " আমি উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস কৰো । অসমৰ স্থিতি ভাৰতৰ অন্য ৰাজ্যতকৈ পৃথক। সেইবাবে তেওঁলোকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধৰণৰ অৱস্থা বুজি পাব লাগে " ।

এই গণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিল্পী অজয় ফুকনে কয় যে " আমি আগতেই বুজি পাইছিলো যে চৰকাৰে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাৰ যুক্তিযুক্ততা প্ৰমান কৰাত সক্ষম নবহ। এনেদৰেই তেওঁলোকে অসমৰ বিভিন্ন ঠাইত বাংলাদেশু স্থাপনৰ এক ষড়যন্ত্ৰ কৰিছে " ।

এই গণ অনশন কাৰ্যসূচীত প্ৰতিবাদ কাৰী সকলে কা বিৰোধী প্লে কাৰ্ড ,বেনাৰ আদি প্ৰদৰ্শন কৰে । গামোচাত জয় আই অসম লিখি ও প্ৰদৰ্শন কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সকলে অভিযোগ কৰে যে বিজেপিয়ে অসমত কমেও ৪০ লাখ হিন্দু বাংলাদেশী সংস্থাপিত কৰিব বিচাৰিছে।

প্ৰতিবাদকাৰী সকলে কয় যে এয়া আন্দোলন দীঘলীয়া হ'ব যাৰ বাবে আমি সাজু থাকিব লাগিব । ইয়াৰ ওপৰত ভিত্তি কৰিয়েই শিল্পী , ছাত্ৰ সমাজ আৰু সাহিত্যট সকলে ২৪ জানুৱাৰী তাৰিখে সাহিত্য সভা ভৱনত ইয়াৰ ওপৰত আলোচনা কৰিব ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Deuri Magh Bihu Celebrations begin in Dhemaji

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com