বুঢ়া আৰক্ষী থানাত মহিলা নিৰ্যাতন: তদন্ত অব্যাহত

বুঢ়া আৰক্ষী থানাত মহিলা নিৰ্যাতন: তদন্ত অব্যাহত

বুঢ়া আৰক্ষী থানাত মহিলা নিৰ্যাতনৰ ঘটনাই লৈছে নতুন মোৰ ৷ৰাজ্যৰ লগতে দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাৰ তদন্ত কৰা আৰক্ষী উপ মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিংহই দাখিল কৰা প্ৰতিবেদনত আৰক্ষী বিৰুদ্ধে উত্থাপন কৰা অভিযোগ আংশিকভাৱেহে সত্য প্ৰমাণিত হৈছে। প্ৰতিবেদনত তদন্তকাৰী আৰক্ষী বিষয়াজনে দাখিল কৰা প্ৰতিবেদনত উল্লেখ আছে যে এই ঘটনাত কোনো মহিলাৰ গৰ্ভপাত হোৱা নাছিল ৷চিকিৎসকৰ প্ৰতিবেদনত আৰক্ষীৰ বিৰুদ্ধে উত্থাপন কৰা দুটা গুৰুতৰ অভিযোগ সচাঁ বুলি প্ৰমাণিত হৈছে ৷

ইফালে এই ঘটনা সন্দৰ্ভত গৰ্ভ পাত সন্দৰ্ভত মহিলাই কয় যে চাৰি পাঁচজন চিকিৎসকৰ প্ৰতিবেদন আমাক দিব লাগিছিল ৷ কি কথা পাতিছে আমি নাজানো ৷ কিন্ত গৰ্ভৱতী নহয় বুলি প্ৰতিবেদনত থকা কথা নসাৎ কৰি মহিলা গৰাকীয়ে কয় যে আমাৰ বাইদেউ আৰু ভন্টি গৰ্ভৱতী আছিল ৷ আৰক্ষীয়ে প্ৰহাৰ কৰাৰ পৰা ভন্টীৰ পেটৰ বিষ হৈ আছে। উল্লেখ্য যে সমগ্ৰ দেশত চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনাতো পোহৰলৈ আহিছিল ১৭ ছেপ্তেম্বৰত ৷অভিযুক্ত মিনুৱাৰা বেগম,সানুৱাৰা আৰু ৰূমেলাক মহানগৰীৰ ছয়মাইলৰ পৰা দৰং জিলাৰ বুঢ়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাৰ নেতৃত্বত অহা এটি আৰক্ষীৰ দলে ছেপ্তেম্বৰৰ ৮ তাৰিখে পুৱতি নিশা লৈ গৈছিল ।

ইয়াৰ পিছতে ১০ ছেপ্তেম্বৰত দৰং জিলাৰ আৰক্ষী অধীক্ষকক তেওঁলোকে অভিযোগ দাখিল কৰে যে ভাৰপ্ৰাপ্ত বিষয়া শৰ্মা আৰু এগৰাকী মহিলা কনিষ্টবলে তেওঁলোকক মাৰপিট কৰিছিল ৷আৰু এই মাৰ পিটৰ সময়ত তেওঁলোকৰ এগৰাকীৰ গৰ্ভপাত হৈছিল বুলিও অভিযোগ কৰিছিল ৷ইয়াৰ পিছতে এই ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ গতিকে এই ঘটনাই সম্প্ৰতি কি দিশে গতি কৰিব সেয়া হ’ব গুৰুত্ব পূৰ্ণ ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch | Assam Boxer Jamuna Boro’s Mother Namali Boro speaks to media

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com