কলাইগাঁৱৰ শিক্ষয়িত্ৰী হত্যা ঘটনাৰ নতুন মোৰঃ স্বামী-পুত্ৰক আটক

অভিযোগ অনুসৰি স্বামী উপেন্দ্ৰ বৰুৱায়ো আৰক্ষীক দিছিল বিভ্ৰান্তিকৰ তথ্য
কলাইগাঁৱৰ শিক্ষয়িত্ৰী হত্যা ঘটনাৰ নতুন মোৰঃ স্বামী-পুত্ৰক আটক
Published on: 

নতুন মোৰ ল'লে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ শিক্ষয়িত্ৰী হত্যাৰ ঘটনাই। চাঞ্চল্যকৰ হত্যাকাণ্ডটোৰ তদন্তকাৰী আৰক্ষীয়ে মৃত শিক্ষয়িত্ৰীগৰাকীৰ স্বামী আৰু পুত্ৰক গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি পুত্ৰ–স্বামীয়ে হত্যা কৰিছিল শিক্ষযিত্ৰী নয়নতৰা চহৰীয়া বৰুৱাক। পুত্ৰই মাতৃক হত্যাৰ পিছতে দোষীক আটক কৰাৰ দাবী জনাইছিল। অভিযোগ অনুসৰি স্বামী উপেন্দ্ৰ বৰুৱায়ো আৰক্ষীক দিছিল বিভ্ৰান্তিকৰ তথ্য। পুত্ৰ হীৰকজ্যোতি বৰুৱা, শিক্ষক স্বামী উপেন্দ্ৰ বৰুৱা, বনকৰা মহিলা যশোদা ৰাভা আৰু নেৱাজ আহমেদ নামৰ মিস্ত্ৰীজন এই নৃশংস হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।

ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে চাৰিওকে। উপেন্দ্ৰ বৰুৱা বিজ্ঞানৰ শিক্ষক। ৬ জুলাইত প্ৰাতঃভ্ৰমণলৈ ওলাই গৈ হত্যাৰ বলি হৈছিল শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়া বৰুৱা। পাছত ঘৰৰ পৰা মাত্ৰ এশ মিটাৰ দূৰত্বত উদ্ধাৰ হৈছিল তেওঁৰ ক্ষত–বিক্ষত মৃতদেহ।

আৰক্ষীয়ে আটাইকে জেৰা অব্যাহত ৰাখিছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com