তিনিচুকীয়াস্থিত সাংবাদিক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ যুৱতী

সাংবাদিকজনৰ মৃতদেহ উদ্ধাৰৰ ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
তিনিচুকীয়াস্থিত সাংবাদিক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ যুৱতী
Published on

তিনিচুকীয়াস্থিত এজন সাংবাদিক হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হ'ল এগৰাকী যুৱতী। সাংবাদিকজনৰ মৃতদেহ উদ্ধাৰৰ ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি তিনিচুকীয়াস্থিত সাংবাদিক বিজনদ্বীপ তাঁতীক হত্যা কৰে এগৰাকী যুৱতীয়ে৷ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিৰ নেতৃত্বত চলা অনুসন্ধানত সাংবাদিক তাঁতীৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ হৈছে।

শনিবাৰে ন-পুখুৰীৰ কাৰ্যালয়ত মৃত সাংবাদিক গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। তাৰ পাছতে আৰক্ষীয়ে সন্ধিয়া ফিল'বাৰীৰ পৰা অভিযুক্ত যুৱতীগৰাকীৰ লগতে ভগ্নীক আটক কৰি জেৰা কৰে। জেৰাত যুৱতীগৰাকীয়ে সাংবাদিকজনক হত্যা কৰাৰ কথা প্ৰকাশ কৰে।

আৰক্ষী সূত্ৰই জনোৱা মতে, ৬ আগষ্টত সাংবাদিকগৰাকীৰ কাৰ্যালয়লৈ আহি নিশা ১১ বজাত এডাল কেবলেৰে ডিঙিত মেৰিয়াই তাঁতীক হত্যা কৰি গোটেই নিশা মৃতদেহৰ লগতে আছিল যুৱতীগৰাকী। ৭ আগষ্টৰ পুৱাই কাৰ্যালয়ৰ পৰা ফিল'বাৰীলৈ গুচি গৈছিল যুৱতীগৰাকী।

অৱশ্য়ে যুৱতীগৰাকীয়ে কিয় বিজনদ্বীপক হত্যা কৰিলে সেয়া তদন্তৰ খাতিৰত সাংবাদিকক জনোৱাৰ পৰা বিৰত আছে আৰক্ষী৷ 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com