ৰাজ্যিক বাতৰি
বন্যহস্তীৰ তাণ্ডৱত অতিষ্ঠ গুৱাবাৰীৰ ৰাইজ
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্ত অৱস্থিত গুৱাবাৰী গাওঁৰ ৰাইজ বন্যহস্তীৰ তাণ্ডৱত নিদ্ৰা বিহিন ৰজনী পাৰ কৰিবলগীয়া হৈছে।খাদ্যৰ সংকটত ভূগা বন্যহস্তীসমূহ খাদ্য বিচাৰি প্ৰায় আধা মাহ বাৰ নদীৰ পাৰত আশ্বয় লৈ আছে।শনিবাৰে নিশা হাতীৰ এটা বৃহৎ দল গুৱাবাৰী গাওঁত প্ৰৱেশ কৰি এফালৰ পৰা বাসগৃহসমূহ ভাঙি তহিলং কৰে।গাওঁবাসীয়ে প্ৰাণৰ মমতাত ঘৰ এৰি সুৰক্ষিত ঠাইত আশ্বয় লয়গৈ।গাওঁবাসীক লগত লৈ বন বিভাগে হাতীৰ দলটোক খেদাৰ চেষ্ঠা কৰে যদিও বিফল হয়।প্ৰায় ১৫ টা বাসগৃহ হস্তীৰ দলটোৱে ভাঙি লণ্ড-ভণ্ড কৰে।স্থানীয় ৰাইজে বন বিভাগক সোনকালে হাতী দলটোক খেদিবলৈ দাবী জনাইছে।

