Begin typing your search above and press return to search.

২৪ ডিচেম্বৰত মুক্তি পাব ক্ৰীড়াভিত্তিক ছবি ৮৩ঃ কপিল দেৱৰ ভূমিকাত ৰণবীৰ

২৪ ডিচেম্বৰত মুক্তি পাব ক্ৰীড়াভিত্তিক ছবি ৮৩ঃ কপিল দেৱৰ ভূমিকাত ৰণবীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Nov 2021 11:17 AM GMT

বিশ্বকাপ ক্ৰিকেট জয়ী ১৯৮৩-ৰ ভাৰতীয় দলটোৰ আধাৰত কবিৰ খানে ৮৩ শীৰ্ষক এখন ছবি পৰিচালনা কৰিছে। ছবিখনত কিম্বদন্তী ক্ৰিকেটাৰ কপিল দেৱৰ ভূমিকাত অৱতীৰ্ণ হৈছে জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং ৷ অহা ২৪ ডিচেম্বৰত ছবিখনে মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। ছবিখনে বহুতৰে মনত সুখ-আনন্দ মিশ্ৰিত অনুভূতিৰ সৃষ্টি কৰিব। যিসকলৰ ১৯৮৩-ত ভাৰতৰ সেই বিশ্বকাপ জয়ৰ প্ৰত্যক্ষ অভিজ্ঞতা আছে, তেওঁলোকৰ বাবে ছবিখন বিশেষ হৈ উঠাৰ সম্ভাৱনা আছে। ভাৰতীয় দলৰ সেই দুৰ্দান্ত প্ৰদৰ্শন সঁচাকৈয়ে সঁচাকৈয়ে অনন্য আছিল। ঠিক যেন এক হাৰ নমনা যুঁজ! সেইবাৰ ভাৰতে ৱেষ্ট ইণ্ডিজক পৰাজয় কৰি বিশ্বকাপ দখল কৰিছিল।

৮৩- শীৰ্ষক এই ছবিৰ চিত্ৰনাট্য ৰচনা কৰিছে সঞ্জয় পুৰণ সিঙে। ছবিখনত দীপিকা পাড়ুকনকো মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব। দীপিকাই কপিল দেৱৰ পত্নীৰ চৰিত্ৰ ৰূপায়ন কৰিছে। ছবিখনত পংকজ ত্ৰিপাঠীক ভাৰতীয় দলৰ মেনেজাৰৰূপে দেখা যাব। হাৰ্দী সান্ধুক মদন লাল আৰু ছাকিব ছালেমক মহিন্দৰ অমৰনাথৰ ৰূপত দেখা যাব। ছবিখনক লৈ বহু ক্ৰিকেট অনুৰাগীৰ মনত প্ৰত্যাশা বৃদ্ধি পাইছে।


আৰু চাব পাৰেঃ IACS নিযুক্তি ২০২১ : ০২ গৰাকী প্ৰকল্প সহায়কৰ পদখালী

Next Story