বলীউডৰ অভিনেতা বিক্কী কৌশলৰ ছবি সেম মাণেকশ্ব’ৰ প্ৰথম প’ষ্টাৰ মুকলি

বলীউডৰ অভিনেতা বিক্কী কৌশলৰ ছবি সেম মাণেকশ্ব’ৰ প্ৰথম প’ষ্টাৰ মুকলি
Published on

বলীউডৰ অভিনেতা বিক্কী কৌশলৰ ছবি সেম মাণেকশ্ব’ৰ প্ৰথম প’ষ্টাৰ মুকলি হ’ল ৷ মেঘনা গুলজাৰে সেম মাণেকশ্ব’ৰ ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰাৰ লগতে কৰণ জোহৰে দোস্তনা ২ ৰ ষ্টাৰ কাষ্টৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে। দুয়োখন ছবিৰ বিষয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সকলো তথ্য প্ৰকাশ কৰিছে ৷ ইফালে মেঘনা গুলজাৰে ফীল্ড মাশ্বেল সেম মাণেকশ্ব’ৰ পূৰ্ণ্যতিথিত ছবিখনৰ প্ৰথম প’ষ্টাৰ মুকলি কৰিছে ৷ ইফালে ছবিখনক বিক্কী কৌশলক অতি সাৱলীল ভাৱে উপস্থাপন কৰিছে ৷

https://www.instagram.com/p/BzMzJ7OAoQF/

বিক্কী কৌশলে কয় যে মই ব্যক্তিগতভাৱে সেম মাণেকশ্ব’ৰ নাজানো ।যদিও মোৰ পিতৃ মাতৃয়ে কয় যে সেম মানেকোশ এগৰাকী দেশভক্ত আছিল ৷১৯৭১ চনৰ ভাৰত পাকিস্তানৰ যুদ্ধত মই তেওঁৰ নাম শুনিছিলো ৷ ছবিখনৰ নিৰ্মাণৰ কাৰণে মই সেম মাণেকশ্ব’ৰ বিষয়ে অধ্যয়ন কৰিম। অন্যহাতে বলীউডৰ আন এজন প্ৰযোজক পৰিচালক কৰণ জোহৰে ২০০৮ চনত মুক্তি প্ৰাপ্ত ছবি দোস্তানাৰ ছিকুৱেল নিৰ্মাণ কৰিব ৷

কৰণ জোহৰে ইতিমধ্যে ইয়াক লৈ এটি ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷এই ছবিখনৰ চিকুৱেলত কাৰ্তিক আয়ান আৰু জাহ্নৱী কাপুৰে অভিনয় কৰিব ৷ অৱশ্যে ছবিখনত তৃতীয়জন অভিনেতা কোন হ’ব সেই সম্পৰ্কে জানিব পৰা হোৱা নাই ৷

বলীউডৰ অভিনেতা বিক্কী কৌশল আৰু অভিনেত্ৰী কেটৰীনা কাইফক দেখিবলৈ পাব অনাগত এখন ছবিত ৷ এক বিশেষসূত্ৰৰ খবৰ অনুসৰি কেটৰীনা আৰু বিক্কী কৌশলে অভিনয় কৰিব লগা ছবিখন প্ৰযোজনা কৰিব ৰ’নি স্কেৰাৱালাই। বাস্তৱ ধৰ্মী এটা প্ৰেম ধৰ্মী ছবিৰ জৰিয়তে দৰ্শকৰ মাজলৈ আহিব কেটৰীনা আৰু বিক্কী কৌশল ৷

ইফালে বিভিন্ন অনুষ্ঠানত বিক্কী কৌশল আৰু কেটৰীনা কাইফৰ কেমেষ্ট্ৰী দেখা যায় ৷ গতিকে সম্প্ৰতি সকলো চলচ্চিত্ৰ প্ৰেমী উৎসাহী হৈ আছে বলীউডৰ ছুপাৰষ্টাৰ দুজনক প্ৰত্যক্ষ কৰিবলৈ ৷ অন্যহাতে,সম্প্ৰতি বিক্কী কৌশল গাৰ্ল ফেণ্ড হৰলীন চেঠীৰ লগত হোৱা ব্ৰেকআপৰ বাতৰিত চৰ্চাত আছে ৷অভিনেত্ৰী তথা নৃত্যশিল্পী হৰলীন চেঠীয়ে বিক্কী কৌশলৰ লগত হোৱা ব্ৰেকআপৰ সম্পৰ্কত ইতিবাচক মন্তব্য আগবঢ়াই ।

অলপতে এক সাক্ষাৎকাৰত বিক্কী কৌশলে কয় নিজৰ প্ৰেমৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰে। কিন্তু অতি সাৱলীল ভাৱে বিক্কী কৌশলে কয় যে দৰ্শকৰ লগত মিংগল হ’বলৈ বিক্কী কৌশল সাজু হৈছে ৷ গতিকে সম্প্ৰতি এই কথাষাৰেই প্ৰমাণ কৰিছে যে বিক্কী কৌশল সম্প্ৰতি চিংগল হৈ আছে। বিক্কী কৌশল আৰু হৰলীন সম্প্ৰতি একেলগে নাই ৷ ইফালে বিক্কী কৌশলে উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইকৰ ছবিৰ জৰিয়তে দৰ্শকৰ আকৃষ্ট কৰিবলৈ সক্ষম হয় । ছবিখনত মোহিত ৰেনা, য়ামী গৌতমে অভিনয় কৰিছিল ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com