আজি মুক্তি পালে বলীউডৰ চৰ্চিত ছবি কবীৰ সিং: আপুনি চালেনে ?

আজি মুক্তি পালে বলীউডৰ চৰ্চিত ছবি কবীৰ সিং: আপুনি চালেনে ?

আজি মুক্তি লাভ কৰিছে বলীউডৰ চৰ্চিত ছবি কবীৰ সিং ৷কবীৰ সিং তেলেগু ছবি অৰ্জুন ৰেড্ডীৰ হিন্দী ৰিমেক ৷ অৰ্জুন ৰেড্ডী ছবিৰ সন্দীপ ৱাংগাই কবীৰ সিঙৰ নিৰ্দেশনা কৰিছে। ছবিখনত এনে এজন মেডিকেল ছাত্ৰক দেখুওৱা হৈছে যিয়ে এগৰাকী যুৱতীৰ কাৰণে জীৱন,কেৰিয়াৰত প্ৰভাৱ পৰে ৷ কবীৰ সিঙৰ কাহিনীটো কবীৰ সিং অৰ্থাৎ ছাহিদ কাপুৰক কেন্দ্ৰ কৰি আগবাঢ়িছে ।

কবীৰৰ চৰিত্ৰটো বহুত ৰোমাঞ্চকৰ হয়। লগতে যথেষ্ট খঙাল । কবীৰে পঢ়া মেডিকেল কলেজখনতে পঢ়িবলৈ আহে প্ৰীতি অৰ্থাৎ কিয়াৰা আডৱানি ৷ প্ৰীতি প্ৰতি কবীৰ সিঙৰ অত্যন্ত ভালপোৱাক বিয়াৰ ৰূপ যাঁওতেই প্ৰীতিৰ দেউতাকে তেওঁলোকৰ এই সম্পৰ্কক আদৰি নলয়। ইয়াৰ পিছত কাহিনীয়ে লয় আন এটি দিশ ৷কবীৰৰ সুৰা,ড্ৰাগচ প্ৰতি আসক্তি বাঢ়ি যায়। কিন্তু কবীৰৰ সংগ নেৰে কবীৰৰ বেষ্ট ফেণ্ড শিবাই ।

ইফালে অৰ্জুন ৰেড্ডী ছবিখনত বিজয় দেবৰোগোণ্ডাই কৰা অভিনয়ে দৰ্শকসকলে কিন্তু পাহৰা নাই ৷কবীৰ সিঙতো ছাহিদ কাপুৰে উৎকৃষ্ট মানদণ্ডৰ অভিনয় কৰিছে ৷কিয়াৰা আডৱানীক কিন্তু ১৯ বছৰীয়া অভিনেত্ৰী যেন লগা নাই ৷ আনহাতে ছবিখনৰ সংগীত সমূহ যথেষ্ট আকৰ্ষণীয় ৷এটি এটি গীতে মন প্ৰাণ ভৰাই তোলে ৷

বলীউডৰ মুক্তিৰ অপেক্ষাত থকা ছবি কবীৰ সিঙৰ সন্দৰ্ভত অভিনেতা ছাহিদ কাপুৰে কয় যে ৩৮ বছৰ বয়সত কলেজীয়া ছাত্ৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ ভয় কৰিছিল ৷ এক সাক্ষাতকাৰত ছাহিদ কাপুৰে কয় যি মোৰ ভয় লাগিছিল যে মোৰ সৰু ভাই,মোৰ পত্নী আৰু মোৰ ল’ৰা ছোৱালীয়ে ডাঙৰ হ’লে বা মোৰ ছবিখন চাই যদি মোক প্ৰশ্ন কৰে যে ৩৮ বছৰ বয়সত এই ছবিখনত অভিনয় কৰাৰ কি প্ৰয়োজন আছিল ৷তেতিয়া কি হ’ব?

ইফালে, কবীৰ সিঙৰ টিজাৰ ছোৱাৰ পিছতে বলীউডৰ অভিনেতা ছাহিদ কাপুৰলৈ এক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে টলীউডৰ ছুপাৰষ্টাৰ প্ৰভাসে ৷সেই সময়ত প্ৰভাসে প্ৰত্যক্ষ কৰে কবীৰ সিঙৰ টিজাৰ ৷ আৰু লগে লগে বলীউডৰ অভিনেতা ছাহিদ কাপুৰলৈ ফোন যোগে বাৰ্তালাপ কৰে আৰু ছাহিদ কাপুৰক কবীৰ সিঙত কৰা অন্যবৈদ্য অভিনয়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ছাহিদ আৰু প্ৰভাসৰ মাজত প্ৰায় সাত মিনিট ধৰি হোৱা কথা বাৰ্তাত তেলেগু ছবি “অৰ্জুন ৰেড্ডীত”কৈও অধিক উৎকৃষ্ট মানদণ্ডৰ বুলি মন্তব্য কৰে ৷ কাৰণ কবীৰ সিং হৈছে অৰ্জুন ৰেড্ডীৰ হিন্দী ৰিমেক।

দক্ষিণ ভাৰতীয় ছবি অৰ্জুন ৰেড্ডীৰ ৰিমেক কবীৰ সিং। বলীউডৰ অভিনেতা ছাহিদ কাপুৰে মুখ্য ভূমিকাত অভিনয় কৰা কবীৰ সিঙৰ টিজাৰ সম্পৰ্কত অভিনেতাগৰাকীয়ে টুইট কৰে যে I am not a not a rebel without a cause .

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com