দোকানৰ পৰা ম’বাইল ফোন চুৰি গোচৰঃ স্বত্ত্বাধিকাৰীৰ ঘৰত আৰক্ষীৰ অভিযান

দোকানৰ পৰা ম’বাইল ফোন চুৰি গোচৰঃ স্বত্ত্বাধিকাৰীৰ ঘৰত আৰক্ষীৰ অভিযান
Published on

দোকানৰ পৰা ম’বাইল ফোন চুৰি গোচৰঃ স্বত্বাধিকাৰীৰ ঘৰত আৰক্ষীৰ অভিযান । শনিবাৰে গুৱাহাটীৰ ভঙাগড় আৰক্ষীয়ে ভঙাগড়স্থিত এখন দোকানৰ গৰাকী তপন ভূঞাৰ ঘৰত অভিযান চলায়।

২৪ এপ্ৰিলত ভূঞাই এক অভিযোগ দাখিল কৰে যে তেওঁৰ দোকানৰ পৰা প্ৰায় ১০ লাখ টকাৰ মোবাইল ফোন চুৰি হয় ।

অভিযোগ অনুসৰি তেওঁৰ যি সামগ্ৰী চুৰি হৈছিল তাৰ তালিকা প্ৰদানত বিফল হয় । সেয়েহে পিছত আৰক্ষীয়ে ভূঞাৰ ঘৰত তালাচী চলাই ১৪৩ টা মোবাইল ফোন আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও অৱশ্যে বৰ্তমানলৈকে ভূঞাক গ্ৰেপ্তাৰ কৰা নাই ।

উল্লেখ্য যে অভিযোগত ভূঞাই জনাই যে ইয়াৰ পূৰ্বে তেওঁৰ দোকানত ১২ বাৰ চুৰি কাৰ্য সংঘটিত হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com