ছাঁয়া যুদ্ধৰ নতুন কৌশল পাকিস্তানী সেনাৰঃ গোপন গ্ৰন্থৰ তথ্য ফাদিল

ছাঁয়া যুদ্ধৰ নতুন কৌশল পাকিস্তানী সেনাৰঃ গোপন গ্ৰন্থৰ তথ্য ফাদিল

ছাঁয়া যুদ্ধৰ নতুন কৌশল পাকিস্তানী সেনাৰঃ গোপন গ্ৰন্থৰ তথ্য ফাদিল

ক’ৱিড-১৯ৰ সংহাৰৰ মাজতে ভাৰতৰ বিৰুদ্ধে ছাঁয়া যুদ্ধৰ নতুন কৌশল ৰচনা কৰিছে পাকিস্তানী সেনাই । পাক সেনাৰ এখন গ্ৰন্থৰ তথ্য অলপতে ফাদিল হৈছে ।দীৰ্ঘদিন ধৰি পাক সেনাই গোপন কৰি ৰখা এই গ্ৰন্থখন সেউজ গ্ৰন্থ অথবা “দ্য গ্ৰীণ বুক"ৰূপে খ্যাত। এই গ্ৰন্থৰ তথ্য অনুসৰি সম্প্ৰতি ভাৰতৰ বিৰুদ্ধে পাক সেনাই মনঃস্তাত্বিক যুঁজ চলোৱাৰ পৰিকল্পনা ৰচনা কৰিছে৷ এই মনঃস্তাত্বিক যুঁজৰ অংশীদাৰ কৰি ল’ব বিচাৰিছে অৰুন্ধতী ৰয়ৰ লেখীয়া খ্যাতনামা লেখক-লেখিকাক ৷ এই “দ্য গ্ৰীণ বুক"ত পাক সেনাৰ মুৰব্বী কামাৰ জাভেদ বাজৱাৰো অভিমত প্ৰকাশ পাইছে ৷ পাক সেনাই ছাঁয়া যুদ্ধৰ কৌশল সলনি কৰাৰ কাৰণ হৈছে বালাকোটৰ সন্ত্ৰাসবাদীৰ ঘাটি ভাৰতে ধ্বংস কৰা আৰু জম্মু-কাশ্মীৰক বিশেষ ক্ষমতা প্ৰদান কৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা৷ পাক সেনাৰ এই গ্ৰীণ বুক ২০০পৃষ্ঠাৰ ৷ গ্ৰন্থখনত প্ৰকাশ পোৱা অনুসৰি জেনেৰেল বাজৱাৰে মতপোষণ কৰিছে যে ভাৰতে যোবা বছৰ বালাকোটৰ সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা আৰু জম্মু-কাশ্মীৰৰ বিশেষ ক্ষমতা কৰ্তনে দক্ষিণ এছিয়াৰ ভূ-ৰাজনীতিত স্থায়ী প্ৰভাব বৰ্তাই ৰাখিব ৷ বালাকোটৰ সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কাৰ্যক তেওঁ যুদ্ধৰ বাবে স্থান বাছনি কৰা কাৰ্যৰূপে অভিহিত কৰিছে ৷ গ্ৰন্থখনত পাকিস্তানৰ বহু নীতি বিশেষজ্ঞৰ লেখাও প্ৰকাশ পাইছে। আনহাতে, বুকাৰ বিজয়ী লেখিকা অৰুন্ধতী ৰয়ে নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰি লিখা ৰচনা-প্ৰৱন্ধক ভাৰতৰ বিৰুদ্ধে ভুৱা তথা উদ্দেশ্য-প্ৰণোদিত প্ৰচাৰ চলোৱাত ব্যৱহাৰৰ আঁচনি লৈছে পাক সেনাই ৷ এই ছাঁয়া যুদ্ধ শক্তিশালী কৰাৰো পণ লৈছে পাকিস্তানী সেনাই । পাকিস্তানী সেনাৰ এই গ্ৰীণ বুকত লিখা আন একাংশ হ’ল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰাজা মহম্মদ খান, দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ মুৰব্বী, ছিনেটৰ মুছাহিদ হুছেইন আৰু পেছোৱাৰস্থিত সাংবাদিক ফাৰ্জানা শ্বাহ ৷ এইসকলে ভাৰতবিৰোধী নীতি কেনেদৰে প্ৰস্তুত কৰিব লাগে, তাৰ পৰামৰ্শ আগবঢ়াইছে ৷ এই সকলে এইবুলিও পৰামৰ্শ আগবঢ়াইছে যে ভাৰতৰ কাষত থিয় দি থকা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পাকিস্তানে সকীয়নী জাৰি কৰা উচিত ৷ গ্ৰন্থখনত অভিযোগ কৰা হৈছে যে আৰ এছ এছে ভাৰতৰ পাৰমাণৱিক অস্ত্ৰাদিত নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে ৷ এই সকলক এসেকা দিয়াৰ উদ্দেশ্য পাকিস্তানী ৰণনীতি বিশেষজ্ঞসকলে পাক সেনাক বিভিন্ন দিহা-পৰামৰ্শ দিছে। এইসকলৰ পৰামৰ্শ অনুসৰি পাক সেনাই ছাঁয়া যুদ্ধৰ কৌশল সলনিৰ ইংগিত দিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com