Begin typing your search above and press return to search.

দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২৯,৪৩৫লৈ বৃদ্ধি, মৃত ৯৩৪ জন

দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২৯,৪৩৫লৈ বৃদ্ধি, মৃত ৯৩৪ জন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 April 2020 9:19 AM GMT

দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২৯,৪৩৫লৈ বৃদ্ধি, মৃত ৯৩৪ জন

দেশত ক’ৰ’না মহামাৰীৰ প্ৰকোপ ক্ৰমে অধিক বৃদ্ধি পাইছে। সম্প্ৰতি সমগ্ৰ দেশত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ২৯,৪৩৫জনলৈ বৃদ্ধি পাইছে। একেদৰে মৃতকৰ সংখ্যা ৯৩৪জনলৈ বৃদ্ধি পাইছে। এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। ইয়াৰ মাজতে উত্তৰ-পূবৰ একাংশ ৰাজ্য ক’ৰ’না মুক্ত হৈছে। এই ক্ষেত্ৰত প্ৰথমে নাম লব পাৰি মণিপুৰ আৰু ত্ৰিপুৰাৰ। দুয়োখন ৰাজ্য ক’ৰ’না মহামাৰীৰ কবলৰ পৰা উদ্ধাৰ হৈছে। ইয়াৰ বিপৰীতে অসমত ক’ৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে। আজিও এগৰাকী ক’ৰ’না ৰোগী চিনাক্ত হয়। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি এইবাৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী আক্ৰান্ত হ’ল ক’ৰ’না মহামাৰীত। এই কিশোৰীগৰাকী হৈছে বঙাইগাঁৱৰ কিশোৰীগৰাকীৰ সৈতে দিল্লীৰ নিজামুদ্দিন দৰগাহৰ যোৱা মাহৰ জামাতত অংশ লোৱা এজন ব্যক্তিৰ পৰোক্ষ সম্পৰ্ক আছিল। এই কিশোৰীগৰাকী ক’ৰ’না পজিটিভ চিনাক্ত হোৱাৰ লগে লগে অসমত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৩৬ জনলৈ বৃদ্ধি পালে। অৱশ্যে সম্প্ৰতি ইয়াৰে আঠজনহে চিকিত্সালয়ত চিকিত্সাধীন হৈ আছে বুলি মন্ত্ৰী শৰ্মাই সদৰী কৰে। আন ২৭জনক চিকিত্সালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। আনহাতে, ক’ৱিড-১৯ নিয়ন্ত্ৰণত দেখুওবা ফলাফলক লৈ আত্মসন্তুষ্টিত নুভুগিবলৈ মেঘালয় চৰকাৰৰ প্ৰতি আহ্বান জনাইছে দেশৰ এগৰাকী প্ৰখ্যাত বিশেষজ্ঞ চিকিৎসক তথা মাইক্ৰ’বায়’লজিষ্টে। আন্তৰ্জাতিক খ্যাতিসম্পন্ন মাইক্ৰ’বায়’লজাষ্ট ডা ৰাজেশ এন চাৰনে কয় যে সম্প্ৰতি ক’ৱিড-১৯নিয়ন্ত্ৰণত মেঘালয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু ইয়াকে লৈ মেঘালয় চৰকাৰ আত্মসন্তুষ্টিত ভোগা উচিত নহয় বুলি মতপোষণ কৰি ডাঃ চাৰনে লগতে কয়, “ এই মহামাৰী সৃষ্টি। কৰিছে এবিধ নতুন ভাইৰাছে ৷ এতিয়া দেখা গৈছে চে এই ভাইৰাছে মানৱ শৰীৰত প্ৰৱেশ কৰাৰ দুসপ্তাহৰ পাছলৈকে ৰোগৰ কোনো লক্ষণ ফুটি নুঠিব পাৰে ৷ কিন্তু আইছ’লেচনত ১৪দিনৰ বাবেহে ৰখা হয়৷ গতিকে অধিক সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন ৷"

অন্য খবৰৰ বাবে পঢ়ক: তলাবন্ধৰ মাজতে ৰাজস্থানত জঘন্য ঘটনাঃ দলবদ্ধ ধৰ্ষণৰ বলি মহিলা

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story