তলাবন্ধৰ মাজতে ৰাজস্থানত জঘন্য ঘটনাঃ দলবদ্ধ ধৰ্ষণৰ বলি মহিলা

তলাবন্ধৰ মাজতে ৰাজস্থানত জঘন্য ঘটনাঃ দলবদ্ধ ধৰ্ষণৰ বলি মহিলা

তলাবন্ধৰ মাজতে ৰাজস্থানত জঘন্য ঘটনাঃ দলবদ্ধ ধৰ্ষণৰ বলি মহিলা

ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য দেশজুৰি জাৰি কৰা তলাবন্ধৰ মাজতে ৰাজস্থানৰ এখন স্কুলত দলবদ্ধ ধৰ্ষণৰ বলি হ’ল এগৰাকী মহিলা। এই জঘন্য ঘটনা সংঘটিত হৈছে ৰাজ্যখনৰ এখন গাঁৱৰ এগৰাকী মহিলাৰ ক্ষেত্ৰত। নাৰকীয় ঘটনাটো পোহৰলৈ অহাৰ পাছতে ৰাষ্ট্ৰীয় মহিলা আয়োগ তত্পৰ হৈ উঠিছে। ইতিমধ্যে মহিলা আয়োগে ৰাজস্থান আৰক্ষীলৈ জাননী জাৰি কৰিছে। ৰাজস্থানৰ আৰক্ষী সঞ্চালকপ্ৰধান ভূপেন্দ্ৰ সিং যাদৱলৈ জাৰি কৰা এই জাননীত কোৱা হৈছে, “ অপৰাধীক ধৰা পেলাবলৈ তত্কালীন ব্যৱস্থা গ্ৰহণ কৰক। মহিলাসকলৰ সুৰক্ষাৰ বাবে ফৌজদাৰী বিধি ২০১৩ত সংশোধন ঘটোৱাৰ পাছত এনে ঘটনা সংঘটিত হৈ আছে। ইয়াক লৈ আমি উদ্বিগ্ন। ইয়াৰ কিছুদিন পূৰ্বে মধ্য প্ৰদেশত এনে এক ভয়ংকৰ অপৰাধ সংঘটিত হয়। ক’ৰ’না মহামাৰীৰ বিভীষিকাৰ মাজতে মধ্যপ্ৰদেশত এজন ২১বছৰীয়া যুৱকৰ বিকৃত কামনাৰ বলি হয় এটি ছবছৰীয়া কন্যা শিশু ৷ অভিযোগ অনুসৰি ৰাজ্যখনৰ দামোহ জিলাৰ শিশুটিক যুৱকজনে বুধবাৰে সন্ধিয়া ঘৰৰ ওচৰৰ পৰা অপহৰণ কৰি নি এঠাইত উপৰ্যুপৰি ধৰ্ষণ কৰি পেলাই থৈ যায় ৷ যুৱকজনৰ আসুৰিক অত্যাচাৰত ভুক্তভোগী শিশুটিয়ে চিৰদিনৰ বাবে দৃষ্টিশক্তিও হেৰুৱালে ৷ ভুক্তভোগীৰ ঘৰ দামোহ জিলাৰ জাবেৰা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত ৷ ইতিমধ্যে আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে ৷ জেৰাত তেওঁ শিশুটিক অপহৰণ কৰি নি ধৰ্ষণ কৰাৰ কথা স্বীকাৰ কৰিছে ৷ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩৬৬, ৩৭৬, ৩৬৩ আৰু শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰিছে ৷ এই কথা সদৰী কৰে আৰক্ষী মহা পৰিদৰ্শক (সাগৰ মণ্ডল) অনিল শৰ্মাই ৷ আনহাতে, দামোহ জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত চৌহানে জনোৱা মতে, ঘটনাৰ দিনা সন্ধিয়া ওচৰৰে দোকানলৈ বুলি শিশুটি ঘৰৰ পৰা ওলাই অহাৰ সময়তে অভিযুক্ত যুৱকজনে তেওঁক অপহৰণ কৰে ৷ পাছত শিশুটিৰ পৰিয়ালৰ লোকে অনেক বিচাৰ-খোচাৰ কৰিও সন্ধান উলিয়াব পৰা নাছিল ৷ পিছদিনা শোচনীয় অৱস্থাত শিশুটিক আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ ইপিনে, এই নাৰকীয় কাণ্ডৰ বাবে ৰাজ্যখনৰ বিজেপি চৰকাৰক জগৰীয়া কৰিছে বিৰোধী কংগ্ৰেছে ৷ দলৰ ৰাজ্যিক নেতা কমল নাথে কয়, “ লক-ডাউনৰ বাবে সাধাৰণ মানুহে ঘৰৰ পৰা ওলাব পৰা নাই ৷ কিন্তু অপৰাধীয়ে মুক্ত বিচৰণ কৰি আছে ৷ এই ঘটনাই ইয়াকে প্ৰমাণিত কৰিলে"৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com