সত্ৰৰ ভূমি বেদখলৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নৰ আহ্বান বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ

ৰঞ্জিত কুমাৰ দাসে সত্ৰৰ ভূমিত হোৱা অবৈধ দখলৰ বিৰুদ্ধে কঠোৰ আইন প্ৰয়োগৰ ওপৰত জোৰ দিয়ে।
সত্ৰৰ ভূমি বেদখলৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নৰ আহ্বান বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ
Published on

বৰপেটাঃ ৰঞ্জিত কুমাৰ দাসে সত্ৰৰ ভূমিত হোৱা অবৈধ দখলৰ বিৰুদ্ধে কঠোৰ আইন প্ৰয়োগৰ ওপৰত জোৰ দিয়ে। দ্বিতীয়বাৰৰ বাবে অসম বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত তেওঁ বৰপেটা সত্ৰ ভ্ৰমণ কৰি এই মন্তব্য কৰে।

তেওঁ কয় যে, সত্ৰৰ ভূমি যাতে কোনো দখলকাৰীয়ে দখল কৰিব নোৱাৰে তাৰ বাবে কঠোৰ আইন প্ৰয়োগ হ’ব লাগে। লগতে যদি কোনোবাই সত্ৰৰ ভূমি দখল কৰে, তেন্তে কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা থাকিব লাগে।

ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰে যে, উচ্ছেদ অভিযান চলোৱাৰ পিছতো বহু সময়ত পুনৰ সত্ৰৰ ভূমি দখল কৰা হয়। সেয়ে দখলকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি নিশ্চিত কৰিলেহে এই সমস্যা সমাধান হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে।

অধিক পঢ়ক - অসমঃ ছয়গাঁৱত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাক লৈ তীব্ৰতৰ প্ৰতিবাদ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com