শীৰ্ষ বাতৰি

কোৰোনা আতংক: ৯৮ বছৰীয়া বৃদ্ধা সুস্থ হৈ উঠিল ক’ৰ’না মহামাৰীৰ পৰা

Sentinel Digital Desk

কোৰোনা আতংক: ৯৮ বছৰীয়া বৃদ্ধা সুস্থ হৈ উঠিল ক’ৰ’না মহামাৰীৰ পৰা ।‌ ফক্স ছেনৰ বাসিন্দা জেনী কোনাৰে নিজৰ আইতাকৰ চোৱা চিতা কৰি অতি আনন্দ‌ প্ৰকাশ কৰে। তেওঁ তেওঁৰ আইতাক ৰীতা ক্ৰোগনালেৰ সপ্তাহত তিনিদিনকৈ চিকিৎসালয়ত গৈ চোৱা চিতা কৰে ।‌ কিন্তু যেতিয়া ৰীতাক ক’ৱিড-১৯ আৰু নিউম'নিয়াৰ বাবে চিকিৎসালয়লৈ নিয়া হয়৷ সেই সময়ছোৱা ভয়লগা সময় আছিল ।

কোনাৰে কয় যে এয়া এক কঠিন সময় আছিল ।

ৰীতা ৪ গৰাকী সন্তানৰ মাতৃ , ছয় গৰাকীৰ আইতাক , ২ গৰাকীৰ আজো আইতা।

তেওঁ এক স্বাস্থ্য সন্মাত জীৱন যাপন কৰি আছিল ।‌

কোনাৰে কয়, “ আমি জানো যে তেওঁ তেওঁৰ জীৱন নিৰ্বাহ কৰি আছে । কিন্তু ক'ৱিড-১৯ ত তেওঁৰ প্ৰাণ গ'লে এয়া আমাৰ বাবে দুখজনক হ’লহেঁতেন" ।‌ সম্প্ৰতি এই বৃদ্ধাগৰাকী সুস্থ হৈ উঠিছে ৷ এই বাৰ্তা ক’ৰ’না আতংকত ভুগি থকা সমগ্ৰ বিশ্ববাসীৰ বাবে আশাৰ বতৰা হৈ পৰিছে ৷

সমগ্ৰ বিশ্ব এতিয়া কোৰোনাৰ গ্ৰাসত । উল্লেখ্য যে, দেশত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কৰ’না মহামাৰীত আক্ৰান্ত আৰু মৃতৰ সংখ্যা। অসম, মণিপুৰ, গোৱা আদি কেইখনমান ৰাজ্যত সংক্ৰমণ একপ্ৰকাৰ ৰোধ হ’লেও কেতবোৰ স্থানত পৰিস্থিতি শোচনীয় হৈ আছে অথবা পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে। শেহতীয়া তথ্য অনুসৰি দেশত আজি শুকুৰবাৰলৈকে ক’ৰ’না মহামাৰীত ৭২৫জন লোকৰ মৃত্যু হৈছে আৰু আক্ৰান্তৰ সংখ্যা ২৩,২৩৯ জনলৈ বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰে পাঁচ হেজাৰ সুস্থ হৈছে। শুকুৰবাৰে এখন সংবাদমেলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে মাথোঁ কালিৰ দিনটোত দেশত ক’ৰ’না মহামাৰীত নতুনকৈ ১৬০০ লোক আক্ৰান্ত হয়। এনে পৰিস্থিতিত একাংশ ৰাজ্যৰ চৰকাৰ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কোৰোনা ভাইৰাছৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখিয়েই অহা ৩ মে'লৈ দেশ জুৰি ঘোষণা কৰা হৈছে লকডাউন।

ইপিনে, আজিৰ পৰা দেশৰ কেতবোৰ অঞ্চলত কিছুমান কাম-কাজ আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত নিৰ্দেশনাও জাৰি কৰিছে। দেশৰ যিবোৰ অঞ্চলত ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা নাই সেই অঞ্চলসমূহত চৰ্তসাপেক্ষে কেইটামান সেৱা আৰম্ভ কৰাৰ অনুমতি দিছে।আনহাতে, বিশ্বজুৰি সংহাৰ চলোৱা ক’ৱিড-১৯ মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ সমষ্টি বাৰাণসীত মানববিহীন ক্ষুদ্ৰ আকাশীযান(ড্ৰন)ৰ সহায়ত এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ চেষ্টা চলোৱা হৈছে।