শীৰ্ষ বাতৰি

তলাবন্ধৰ সময়ত চাহ শ্ৰমিকক মজুৰিঃমুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী আটছাৰ

Sentinel Digital Desk

তলাবন্ধৰ সময়ত চাহ শ্ৰমিকক মজুৰিঃমুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী আটছাৰ

ক’ৱিড-১৯প্ৰতিৰোধৰ উদ্দেশ্য দেশজুৰি আৰোপ কৰা তলাবন্ধই চাহ বাগিচাসমূহক সংকটত পেলাইছে। কিন্তু এনে সংকটৰ গইনা লৈ যাতে চাহ বাগিচাসমূহে শ্ৰমিকসকলক মজুৰিৰ পৰা বঞ্চিত কৰিব নোৱাৰে তাৰ বাবে তৎপৰ হৈ উঠিছে চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)৷ সন্থাই তলাবন্ধৰ সময়ছোৱাত চাহ শ্ৰমিকসকলৰ মজুৰিৰ বিষয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ দাবী কৰিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে গোলাঘাট টী প্লেণ্টাৰ্ছ এছ’চিয়েচনে চলিত তলাবন্ধৰ ফলত ৰাজ্যৰ চাহ বাগিচাসমূহৰ ১২শ কোটি টকাৰ লোকচান হ’ব বুলি এক প্ৰতিবেদন প্ৰকাশ কৰে । কিন্তু আটছাই এই প্ৰতিবেদনক ভুৱা আখ্যা দিছে ৷ এনে ভুৱা প্ৰতিবেদন প্ৰস্তুত কৰা তথা তলাবন্ধৰ সময়ছোৱাত চাহ শ্ৰমিকৰ মআুৰিৰ বিষয়টোত হস্তক্ষেপ দাবী কৰি আটছাৰ সভাপতি ধীৰাজ গোৱালা আৰু সম্পাদক পৱন বেদিয়াই মুখ্যমন্ত্ৰী সোণোৱালক স্মাৰকপত্ৰ প্ৰদান কৰিছে ৷ উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো শ্ৰমিক-কৰ্মচাৰীক তলাবন্ধৰ সময়ছোৱাত সম্পূৰ্ণ মজুৰি-দৰমহা আদায় দিবলৈ ইতিমধ্যে নিৰ্দেশ জাৰি কৰি থৈছে । একেদৰে ৰাজ্যৰ শ্ৰম বিভাগেও শ্ৰমিক-কৰ্মচাৰীক তলাবন্ধৰ সময়ছোৱাত সম্পূৰ্ণ দৰমহা বা মজুৰি আদায় দিবলৈ অধিসূচনা জাৰি কৰি থৈছে ৷ ইপিনে, তলাবন্ধৰ ফলত হোৱা ক্ষতিৰ জোৰা মাৰিবলৈ তৎপৰ হৈছে ভাৰতীয় চাহ ব’ৰ্ড। চাহ উদ্যোগৰ ক্ষতিৰ জোৰা মৰাৰ উদ্দেশ্যে চাহ ব’ৰ্ডে বাগিচাত কেঁচাপাত ছিঙাৰ পৰা আৰম্ভ কৰি কলঘৰত চাহ উৎপাদন কৰি গ্ৰাহকক পোৱাৰ ব্যৱস্থা কৰা লৈকে-এই সমগ্ৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰে সম্পন্ন কৰাৰ লক্ষ্য লৈছে। এই প্ৰক্ৰিয়াৰ প্ৰতিটো খোজতে সময় হ্ৰাসৰ সিদ্ধান্ত লৈছে চাহ ব’ৰ্ডে। বাগিচাসমূহক এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চাহ বৰ্ডে অলপতে এক অধিসূচনা জাৰি কৰে। এই অধিসূচনাত কোৱা হৈছে যে তলাবন্ধৰ বিভিন্ন নীতি-নিৰ্দেশনা চৰকাৰে জাৰি কৰিছে। এই নীতি-নিৰ্দেশনাসমূহ বাগিচাসমূহেও মানি চলিবলগীয়া হৈছে। চাহ উদ্যোগে সন্মউখীন হোৱা ক্ষতিপূৰণৰ উপায় নিৰ্ধাৰণ কৰা হৈছে। কেঁচাপাত ছিঙাৰ পৰা চাহৰ উৎপাদন তথা গ্ৰাহকৰ হাতত পোৱাৰ ব্যৱস্থা কৰা এই গোটেই প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰে সম্পন্ন কৰিব লাগিব। প্ৰতিটো স্তৰতে সময় কমকৈ ব্যয় কৰিব লাগিব। উল্লেখ্য যে ক’ৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাব ঘটাৰ পূৰ্বে চলিত বৰ্ষত ভাৰতীয় চাহ বৰ্ডে অসমৰ চাহৰ অধিক উত্তৰণৰ উদ্দেশ্য ব্যৱস্থা গ্ৰহণ কৰিছিল। এই উদ্দেশ্য ওড়িছাত চাহ বৰ্ডে এক বিশেষ প্ৰচাৰৰ ব্যৱস্থা কৰিছিল। আনহাতে, উত্তৰ পূৰ্বাঞ্চলৰ চাহ ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰীক আহ্বান জনাই আহিছে উত্তৰ পূব চাহ সমিতি (এন ই টি এই)য়ে।