সুৰক্ষা বাহিনীত জোঁকাৰণিঃ ক’ৰ’নাত মৃত্যু দিল্লীত কৰ্মৰত অসমৰ চি আৰ পি বিষয়াৰ

সুৰক্ষা বাহিনীত জোঁকাৰণিঃ ক’ৰ’নাত মৃত্যু দিল্লীত কৰ্মৰত অসমৰ চি আৰ পি বিষয়াৰ

সুৰক্ষা বাহিনীত জোঁকাৰণিঃ ক’ৰ’নাত মৃত্যু দিল্লীত কৰ্মৰত অসমৰ চি আৰ পি বিষয়াৰ

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না মহামাৰীত মৃত্যু হ’ল অসমৰ এজন চি আৰ পি বিষয়াৰ। উপ-পৰিদৰ্শক পৰ্যায়ৰ এই বিষয়াজনেই হৈছে ক’ৰ’নাত মৃত্যুমুখত পৰা প্ৰথমজন চি আৰ পি বাহিনীৰ লোক। দুৰ্ভগীয়া এই চি আৰ পি বিষয়াজনৰ ঘৰ হৈছে বৰপেটা জিলাৰ সৰুপেটা থানাৰ অন্তৰ্গত বৰবড়িত। তেওঁৰ নাম ইক্ৰাম হুছেইন। ২৮ এপ্ৰিলত হুছেইনৰ ক’ৰ’নাৰ ফলত মৃত্যু হয়। দিল্লীৰ ছফৰজং চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। হুছেইনৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ বহু লোকে শোক প্ৰকাশ কৰিছে। টুইটাৰত এক শোকবাৰ্তাত সোণোৱালে কয়, “ অসমৰ এই চি আৰ পি জোৱানজনৰ মৃত্যুৰ বাতৰি পাই মই মৰ্মাহত হৈছো। তেওঁ শেষ মুহূৰ্তলৈ ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ দিলে। মই তেওঁৰ মৃত্যুত শোকপ্ৰকাশ কৰিলো”। আনহাতে, এক সূত্ৰই জনোৱা মতে, এজন নাৰ্ছিং সহায়কৰ পৰা হুছেইনৰ শৰীৰলৈ ক’ৰ’না ভাইৰাছ সোঁচৰে। তেওঁকে ধৰি চি আৰ পি বিভিন্ন পৰ্যায়ৰ কমেও ৩০জন লোক নাৰ্ছিং সহায়কজনৰ সংস্পৰ্শলৈ আহিছিল। যোৱা ২৩ এপ্ৰিলত তেওঁ ক’ৰ’না আক্ৰান্তৰূপে চিনাক্ত হয়। ইপিনে, দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই এহেজাৰৰ ঘৰক অতিক্ৰম কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বৰ্তমানলৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ১,০০৭ গৰাকী লোক মৃত্যুমুখত পৰিছে।

আনহাতে, দেশত মুঠ ৩১,৩৩২ ব্যক্তি ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। ক’ৰ’না আক্ৰান্ত হোৱা ৩১,৩৩২ গৰাকী ব্যক্তিৰ ভিতৰত ১০০৭ গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে ৭,৬৯৬ গৰাকী ব্যক্তি আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছে।দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

মহাৰাষ্ট্ৰত ৯০০০ কৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে ৪০০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

মহাৰাষ্ট্ৰ, দিল্লী, গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ আটাইতকৈ বেছি ক’ৰ’না ভাইৰাছৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com