চৰকাৰী ক’ৱিড নিয়ন্ত্ৰণ ব্যৱস্থাক সমালোচনাঃ মণিপুৰত উপ-মুখ্যমন্ত্ৰীৰ পুত্ৰসহ বহুসংখ্যক লোকৰ বিৰুদ্ধে গোচৰ ৰুজু

চৰকাৰী ক’ৱিড নিয়ন্ত্ৰণ ব্যৱস্থাক সমালোচনাঃ মণিপুৰত উপ-মুখ্যমন্ত্ৰীৰ পুত্ৰসহ বহুসংখ্যক লোকৰ বিৰুদ্ধে গোচৰ ৰুজু

চৰকাৰী ক’ৱিড নিয়ন্ত্ৰণ ব্যৱস্থাক সমালোচনাঃ মণিপুৰত উপ-মুখ্যমন্ত্ৰীৰ পুত্ৰসহ বহুসংখ্যক লোকৰ বিৰুদ্ধে গোচৰ ৰুজু

চৰকাৰী ক’ৱিড-১৯ নিয়ন্ত্ৰণ ব্যৱস্থাক সমালোচনা কৰি মণিপুৰত স্বয়ং উপ-মুখ্যমন্ত্ৰীৰ পুত্ৰসহ আইনী জঞ্জালৰ সন্মুখীন হ’ল বহুসংখ্যক লোক। এই লোকসকলৰ বিৰুদ্ধে মণিপুৰ চৰকাৰে গোচৰ ৰুজু কৰিছে। মণিপুৰৰ উপ-মুখ্যমন্ত্ৰী য়ুমনাম জয়কুমাৰৰ পুত্ৰ য়ুমনাম দেৱজিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ এপ্ৰিলৰ নিশা ৯ বজাত নিজ নিজ ঘৰত বন্তি প্ৰজ্বলন কৰিবলৈ জনোৱা আহ্বান নামানিবলৈ বহু লোকক আহ্বান জনাইছিল। তেওঁ ৱাটছএপত ভইচ মেছেজ প্ৰেৰণ কৰি এনে আহ্বান জনাইছিল। এই কথা পোহৰলৈ অহাৰ পাছতে দেৱজিতৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰে। কেৱল সেয়াই নহয়, পুত্ৰৰ কাৰ্যৰ বাবে যুমনাম জয়কুমাৰক উপ—মুখ্যমন্ত্ৰীৰ পদৰ পৰা অব্যাহতি দিয়া হৈছে। এয়া মাথোঁ এটা উদাহৰণহে। অনুৰূপ অভিযোগত মণিপুৰত আন বহুসংখ্যক লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। এইসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আৰু দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। বহুতৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰো ৰুজু কৰা হৈছে। কেৱল ইম্ফল ৱেষ্ট জিলাতে ১০ জন লোকৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। পশ্চিম ইম্ফল জিলাৰ আৰক্ষী অধীক্ষক কে মেঘচন্দ্ৰই সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি দেৱজিতে তথ্যৰ বিকৃত কৰি ভুৱা প্ৰচাৰ চলাইছিল। তেওঁৰ এনে কাৰ্যই মানুহৰ মনত অযথা সৃষ্টি কৰে বুলি জানিবলৈ দি আৰক্ষী অধীক্ষক মেঘচন্দ্ৰই কয় যে দেৱজিতৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। আৰক্ষী অধীক্ষক মেঘচন্দ্ৰই জনোৱা মতে, জিলাখনত লক-ডাউনৰ সময়ছোৱাত ১০জন লোকৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। আনহাতে, ইম্ফলত দুজন মানৱাধিকাৰ কৰ্মীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। এই মানৱাধিকাৰ কৰ্মীদ্বয় হল য়ুথ ফৰাম ফৰ প্ৰটেকচন অৱ হিউমেন ৰাইটছ নামৰ সংগঠনটোৰ দুজন কৰ্মী ক্ৰমে টাখেনচাংগবাম শদিছকান্ত আৰু খানগিৰাকপাম ফাজাটন। আনহাতে, মণিপুৰ সম্প্ৰতি কৱিড-১৯ মুক্ত ৰাজ্যত পৰিণত হৈছে। ৰাজ্যখনত দুজন ক’ৱিড-১৯ আক্ৰান্ত আছিল। সম্প্ৰতি দুয়োজনেই সুস্থ। ইতিমধ্যে তেওঁলোক হাস্পতালৰ পৰা ঘৰলৈ গৈছে।

ৰাজ্যখনৰ অন্তিম ক’ৱিড-১৯ পজিটিভ ব্যক্তিজন আছিল থৌবাল জিলাৰ ৫৩ বছৰীয়া এগৰাকী ব্যক্তি। লোকজনৰ একেৰাহে দুটা নমুনা পৰীক্ষাত নিগেটিভ অহাৰ পিছত তেওঁক সুস্থ বুলি চিকিত্সালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হয় ।

তাৰ পাছতেই মণিপুৰ ক’ৱিড-১৯মুক্ত ৰাজ্যত পৰিণত হয় । উল্লেখ্য যে ২২ এপ্ৰিলৰ পৰা ৰাজ্য খনত কোনো নতুন পজিটিভ ব্যক্তি ওলোৱা নাই।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com