Begin typing your search above and press return to search.

বন্ধুৰ নশ্বৰ দেহৰ সৈতে চেন্নাইৰ পৰা গাড়ীৰে মিজোৰামত উপস্থিত হ’ল মিজো যুৱক

বন্ধুৰ নশ্বৰ দেহৰ সৈতে চেন্নাইৰ পৰা গাড়ীৰে মিজোৰামত উপস্থিত হ’ল মিজো যুৱক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 April 2020 8:36 AM GMT

বন্ধুৰ নশ্বৰ দেহৰ সৈতে চেন্নাইৰ পৰা গাড়ীৰে মিজোৰামত উপস্থিত হ’ল মিজো যুৱক

ক’ৰ’নাৰ বিভীষিকাৰ মাজতে হঠাতে বিয়োগ ঘটে এ ভি এল মালচ্চনহিমাৰ অন্তৰংগ বন্ধু ভিবিয়ান ৰেমচেংগাৰ। দুয়ো কৰ্মসূত্ৰে তামিলনাডুৰ চেন্নাইত আছিল। প্ৰিয় বন্ধুক হঠাতে চিৰকাললৈ হেৰুৱাই দুখত ম্ৰিয়মান হলেও এ ভি এলে দৃঢ় সিদ্ধান্ত লয় যে ভিবিয়ানক মিজোৰামৰ ভূমিতহে সমাধিষ্ঠ কৰা হ’ব। সিদ্ধান্ত অুনসৰি কাম। যুৱকজনে বন্ধুৰ নশ্বৰ দেহ ঘৰলৈ আনিবলৈ এখন গাড়ী যোগাৰ কৰিলে। লগত দুজন তামিল চালক। এনেদৰে ঘৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। অনেক প্ৰত্যাহ্বান অতিক্ৰম কৰি অৱশেষত বন্ধুৰ নশ্বৰ দেহসহ এ ভি এল ঘৰত উপস্থিত হয়। ইয়াৰ বাবে তেওঁলোকে চেন্নাইৰ পৰা মিজোৰামলৈ ৩,৩৪৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলগীয়া হয়। এই যাত্ৰা পথ অতিক্ৰম কৰাৰ বাবে তেওঁলোকক ৮৪ ঘণ্টাৰ প্ৰয়োজন হয়। এই দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰি সুকলমে তেওঁলোক মিজোৰামৰ ৰাজধানী আইজলত উপস্থিত। তাৰ পাছেতে ক’ৰ’না প্ৰতিৰোধৰ নিয়ম অনুসৰি এ ভি এলক আছুতীয়া কক্ষলৈ প্ৰেৰণ কৰা হয়। কিন্তু ইয়াক লৈ অথবা নানা দুখ-কষ্টৰ মাজেৰে চেন্নাইৰ পৰা আইজললৈ সুদীৰ্ঘ দূৰত্ব যাত্ৰা কৰিলেও এ ভি এলৰ মনত কোনো আক্ষেপ নাই । কাৰণ তেওঁ প্ৰিয়বন্ধুক গৃহ ভূমিত সমাধিষ্ঠ কৰিবলৈ সক্ষম হ’ল। সম্প্ৰতি এ ভি এলৰ বয়স ২৩ বছৰ। ২০২৫ত তেওঁ চেন্নাইলৈ যাত্ৰা কৰে। যোৱা ২৩ এপ্ৰিলত ভিবিয়ানৰ হৃদৰোগত আকস্মিকভাবে অকাল মৃত্যু হয়। ভিবিয়ান হোটেল মেনেজমেণ্টৰ ডিগ্ৰীধাৰী আছিল। কিন্তু তেওঁ ঘৰলৈ আনিবলৈ বন্ধু এ ভি এলে কোনো এম্বুলেন্স পোৱা নাছিল। কাৰণ তিনি হেজাৰ কিলোমিটাৰ যাত্ৰা কৰিবলৈ কোনো এম্বুলেস্নেই মান্তি নহ’ল। সেয়েহে এ ভি এলে বন্ধুৰ নশ্বৰ দেহ ঘৰলৈ অনাৰ বাবে এখন গাড়ী যোগাৰ কৰে। এই গাড়ীতে তেওঁ বন্ধুৰ নশ্বৰ দেহ ঘৰলৈ আনে। ৮৪ ঘণ্টা যাত্ৰা কৰাৰ পাছত তেওঁলোক ২৬ এপ্ৰিলত মিজোৰামত উপস্থিত হয়। এই সম্পৰ্কত এ ভি এলে কয়,“ চেন্নাইত ভিবিয়ানৰ পৰিয়ালৰ কোনো নাই। তেওঁৰ আকস্মিক মৃত্যুৰ খবৰ মই মিজো ৱেলফেয়াৰ ছোচাইচিৰ পৰা পালো। বেয়া খবৰটো পাই মই অত্যন্ত দুখ অনুভৱ কৰিলো। কিন্তু তেওঁৰ নশ্বৰ দেহ ঘৰলৈ আনিবলৈ মই দৃঢ়প্ৰতিজ্ঞ হ’লো। মই প্ৰতিজ্ঞা কৰিলো যে ভিবিয়ানক যদি সমাধিষ্ঠ কৰিবলগীয়া হয়, তেন্তে ঘৰতহে তেওঁক সমাধিষ্ঠ কৰা হব। সেই অনুসৰি তেওঁৰ নস্বৰ দেহ ঘৰলৈ অনাৰ ব্যৱস্থা কৰিলো”।

অন্য খবৰৰ বাবে পঢ়ক: ক’ৰ’না মহামাৰীঃ ৰাজ্যৰ পাঁচখন জিলাৰ পৰিস্থিতি পৰিস্থিতি পুনৰীক্ষণ মুখ্য সচিবে

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story