ক’ৰ’না মহামাৰীঃ ৰাজ্যৰ পাঁচখন জিলাৰ পৰিস্থিতি পুনৰীক্ষণ মুখ্য সচিবৰ

ক’ৰ’না মহামাৰীঃ ৰাজ্যৰ পাঁচখন জিলাৰ পৰিস্থিতি পুনৰীক্ষণ মুখ্য সচিবৰ

ক’ৰ’না মহামাৰীঃ ৰাজ্যৰ পাঁচখন জিলাৰ পৰিস্থিতি পুনৰীক্ষণ মুখ্য সচিবৰ

ক’ৰ’না মহামাৰীৰ প্ৰাদুৰ্ভাৱ ৰাজ্যত অব্যাহত থকাৰ সময়তে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই পাঁচখন জিলাৰ পৰিস্থিতি পুনৰীক্ষণ কৰিলে। মঙলবাৰে মুখ্য সচিবগৰাকীয়ে নগাঁও, বিশ্বনাথ, দৰং, শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ উপায়ুক্তসকল আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত ক’ৰ’না মহামাৰীৰ পৰিস্থিতি পুনৰীক্ষণ কৰা হয়। এই বৈঠক অনুষ্ঠিত হয় তেজপুৰৰ উপায়ুক্ত কাৰ্যালয়ত।বৈঠকত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা আদিয়েও অংশ লয়। বৈঠকৰ আৰম্ভণীতে মুখ্য সচিবে ক’ৰ’না মহামাৰীৰ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনসমূহে গ্ৰহণ কৰা ভূমিকাক প্ৰশংসা কৰে। বৈঠকত তলাবন্ধৰ সময়ছোৱাত খাদ্য-সামগ্ৰীৰ যোগান কোনোপধ্যে যাতে বাধাগ্ৰস্ত নহয়, তাক লৈ গুৰুত্ব আৰোপ কৰা হয়। আনহাতে, আগন্তক বাৰিষাৰ বানৰ সৈতে মোকাবিলাৰ উদ্দেশ্য আঁচনি যুগুত কৰিবলৈ মুখ্য সচিব সঞ্জয় কৃষ্ণই উপায়ুক্তসকলক নিৰ্দেশ দিয়ে। কৃষি, পশুচিকিত্সা বিভাগ আদিক সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলাৰ উদ্দেশ্য সাজু থাকিবলৈ মুখ্য সচিবে নিৰ্দেশ জাৰি কৰে। ইপিনে, গৰমৰ দিনত দেখা দিয়া ছোৱাইন ফ্লু প্ৰতিৰোধৰ উদ্দেশ্য সাজু হবলৈ চৰকাৰী বিভাগসমূহক মুখ্য সচিবে নিৰ্দেশ দিয়ে। তেজপুৰৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা আদিয়েও অংশ লয়। আনহাতে, মাথোঁ এটা দিনৰ ভিতৰতে অসমত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৩৭ জনলৈ বৃদ্ধি পাইছে। মঙলবাৰৰ দিনটোতে ৰাজ্যত এগৰাকী কিশোৰীসহ দুজন ক’ৰ’না মহামাৰী আক্ৰান্ত চিনাক্ত হয়। এই কিশোৰীগৰাকী হৈছে বঙাইগাঁৱৰ শালমাৰাৰ। আনহাতে, গোৱালপাৰাৰ এজন লোকৰ শৰীৰত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে নিজামুদ্দিন দৰগাহৰ যোৱা মাহৰ জামাতত অংশ লোৱা গোৱালপাৰাৰ এজন লোক ক’ৱিড আক্ৰান্তৰূপে চিনাক্ত হৈছে। স্বাস্থ্য মন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি শালামাৰাৰ ক’ৰ’না মহামাৰী আক্ৰান্ত কিশোৰীগৰাকীৰ সৈতে দিল্লীৰ নিজামুদ্দিন দৰগাহৰ যোৱা মাহৰ জামাতত অংশ লোৱা এজন ব্যক্তিৰ পৰোক্ষ সম্পৰ্ক আছিল। এই কিশোৰীগৰাকী আৰু গোৱালপাৰাৰ জামাতীজন ক’ৰ’না পজিটিভ চিনাক্ত হোৱাৰ লগে লগে অসমত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৩৭ জনলৈ বৃদ্ধি পালে। অৱশ্যে সম্প্ৰতি ইয়াৰে নজনহে চিকিত্সালয়ত চিকিত্সাধীন হৈ আছে বুলি মন্ত্ৰী শৰ্মাই সদৰী কৰে। আন ২৭জনক চিকিত্সালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।এজনৰ আক্ৰান্ত মৃত্যুমুখত পৰে। আনহাতে, সম্প্ৰতি সমগ্ৰ দেশত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ২৯,৪৩৫জনলৈ বৃদ্ধি পাইছে। একেদৰে মৃতকৰ সংখ্যা ৯৩৪জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com