Begin typing your search above and press return to search.

দেশজোৰা তলাবন্ধ: লকডাউন কঠোৰ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব ড্ৰ'ণ

দেশজোৰা তলাবন্ধ: লকডাউন কঠোৰ কৰিবলৈ ব্যৱহাৰ কৰা হব ড্ৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 April 2020 8:24 AM GMT

দেশজোৰা তলাবন্ধ: লকডাউন কঠোৰ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব ড্ৰ'ণ । সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে ভয়ংকৰ ক’ৰ’না মহামাৰীয়ে । ভাৰতবৰ্ষতো এই মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাৰী কৰিছে লকডাউন । এই লকডাউন মানি চলিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে চৰকাৰেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কিন্তু বহু ক্ষেত্ৰত এই লকডাউনৰ নীতি নিৰ্দেশনা উলংঘন হোৱা দেখা যায় ।

এইবাৰ এই লকডাউন কঠোৰ কৰিবলৈ অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে আন এক পদক্ষেপ। লকডাউনৰ সময়চোৱাত সকলোৱে যাতে নীতি-নিৰ্দেশনা মানি চলে তাৰ বাবে ব্যৱহাৰ কৰা হ'ব ড্ৰ'ণ । এই ড্ৰ'ণৰ সহায়ত গাঁও, চহৰ সকলোতে দৃষ্টি ৰখা হ'ব যে সকলোৱে যাতে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে লকডাউনৰ নীতি নিৰ্দেশনা পালন কৰিছে ।

অসমত ক’ৱিড-১৯ৰ ৩৭ জন পজিটিভ ব্যক্তি আছে । তদুপৰি এই মহামাৰীত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ২৭ জন‌ ব্যক্তি সুস্থ হৈ উঠিছে। ৰাজ্যত এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে ড্ৰ'ণ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ডি আই জি দিগন্ত বৰাই দা চেন্টিনেলৰ আগত কয় যে লকডাউনৰ সময়ত ৰাজ্যৰ বিভিন্ন জিলাত ড্ৰ'ণ ব্যৱহাৰ কৰি সকলো ক্ষেত্ৰত নিজৰ দিয়া হ'ব আৰু লকডাউন সফল কৰাৰ চেষ্টা কৰা হ'ব । লগতে কিছুমান জিলাত ব্যক্তিগত ড্ৰ'ণ ব্যৱহাৰ কৰা হ'ব ।

তেওঁ কয় যে লকডাউনৰ প্ৰথম পৰ্যায়ত গুৱাহাটী ফেঞ্চী বজাৰৰ পুৰণি জেলৰ ওপৰত শাক পাচলিৰ দোকানত যথেষ্ঠ ভিৰ পৰিলক্ষিত হৈছিল।ইয়াৰ পিছত ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। লগতে তেওঁ কয় যে ড্ৰণৰ সহায়ত আন্তঃৰাষ্ট্ৰীয় সীমান্ত, আৰু ৰাজ্যিক সীমান্ত সমূহৰ ওপৰতো নজৰ দিয়া হ'ব ।

গুৱাহাটী আৰক্ষী অধীক্ষক মুন্না প্ৰসাদ গুপ্তাই কয় যে লকডাউনৰ সময়ত সতৰ্কতা বজাই ৰাখিবলৈ চহৰত ড্ৰ'ণ ব্যৱহাৰ কৰা হ'ব । তেওঁ কয় যে প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মীয়ে ভাৰত চৰকাৰৰ দ্বাৰা পঞ্জীয়ন কৰা ড্ৰ'ণ ব্যৱহাৰ কৰা হ'ব ।

গোলাঘাট জিলাৰ অতিৰিক্ত এছ পি সুৰজিৎ সিং পানিছেৰে কয় যে তেওঁৰ জিলাত চহৰ , গাওঁ আৰু কোভিড কনটেইন্টমেন জোন সমূহত ড্ৰ'ণ ব্যৱহাৰ কৰা হ'ব ।

অন্য খবৰৰ বাবে পঢ়ক: জনপ্ৰিয় অভিনেতা ইৰফান খানৰ অকাল বিয়োগ, শোকস্তব্ধ অগণন অনুৰাগী

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story