জনপ্ৰিয় অভিনেতা ইৰফান খানৰ অকাল বিয়োগ, শোকস্তব্ধ অগণন অনুৰাগী

জনপ্ৰিয় অভিনেতা ইৰফান খানৰ অকাল বিয়োগ, শোকস্তব্ধ অগণন অনুৰাগী

জনপ্ৰিয় অভিনেতা ইৰফান খানৰ অকাল বিয়োগ, শোকস্তব্ধ অগণন অনুৰাগী

হিন্দী ছবিৰ বলিষ্ঠ তথা এগৰাকী অন্যতম জনপ্ৰিয় অভিনেতা ইৰফান খান আৰু নাই। বিগত কিছুবছৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা অভিনেতাজনৰ আজি অকাল বিয়োগ ঘটে। বহুমুখী প্ৰতিভাৰ অধিকাৰী অভিনেতা ইৰফানৰ মৃত্যুৰ সময়ত বয়স হৈছিল মাথোঁ ৫৪ বছৰ। আজি তেওঁ চিকিত্সাধীন অৱস্থাত মুম্বাইৰ কোকিলাবেন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

পৰিয়ালৰ লোকে জনোৱা মতে, ইৰফানক মঙলবাৰে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। অভিনেতাগৰাকীৰ কলন ইনফেকশ্যন হৈছিল।

পদ্মশ্ৰী সন্মানৰ লগতে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰে পৰিচালক সুজিত সৰকাৰে।এই খবৰ বিয়পি পৰাৰ লগে লগে অভিনেতাজনৰ অগণন অনুৰাগী শোকবিহ্বল হৈ পৰিছে। পৰিচালক সৰকাৰে এটা টুইটত কয়, “ ‍মোৰ প্ৰিয় বন্ধু ইৰফান। তোমাক লৈ মই সদাই গৌৰৱ কৰিম, আমি পুনৰ লগ হম। ঔম শান্তি। চালাম ইৰফান খান”।

উল্লেখ্য যে যোৱা বছৰ অভিনেতা ইৰফানে লণ্ডনত কৰ্কট ৰোগৰ চিকিৎসা কৰাইছিল। পাছত তেোঁ সুস্থ হৈ ভাৰতলৈ আহিছিল। ইয়াৰ পিছৰে পৰা তেওঁ নিয়মিতভাৱে মুম্বাইৰ কোকিলাবেন চিকিৎসালয়ৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আছিল।

‘লাইফ অফ এ পাই’ৰ দৰে বিপুল জনপ্ৰিয় ছবিত অভিনয় কৰি অগণনৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হোৱা ইৰফানৰ অন্তিমখন ছবি আছিল ইংৰাজী মিডিয়াম। ৰোগাক্ৰান্ত অৱস্থাতে তেওঁ ছবিখনৰ কাম কৰিছিল।

ইপিনে, তেওঁৰ এই মৃত্যুৰ খবৰ ৰাজহুৱা হোৱাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে টুইট কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ টুইটত কয়, ‘ইৰফান খান এগৰাকী বহুমুখী প্ৰতিভাৰ অভিনেতা আছিল। তেওঁৰ মৃত্যুৰ খবৰ শুনি মৰ্মাহত হৈছো। তেওঁ পৰিয়াল, বন্ধুবৰ্গ আৰু অনুৰাগীক সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি’।

ইৰফান খানে অভিনয় কৰা কেইখনমান সফল ছবি হ’ল- লাইফ ইন এ মেট্ৰ’, পান সিং টোমৰ, লাঞ্চ বক্স, হিন্দী মিডিয়াম, ব্লেকমেইল, জুৰাছিক ৱৰ্ল্ড আদি।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com