ল’ক-ডাউনঃ ৰাজ্যত কৰ্মহীন হ’ব পাৰে কমেও ২০লক্ষাধিক লোক

ল’ক-ডাউনঃ ৰাজ্যত কৰ্মহীন হ’ব পাৰে কমেও ২০লক্ষাধিক লোক

ল’ক-ডাউনঃ ৰাজ্যত কৰ্মহীন হ’ব পাৰে কমেও ২০লক্ষাধিক লোক

ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ বাবে ঘোষণা কৰা তলাবন্ধ বা ল’ক-ডাউনৰ ফলত ৰাজ্যত কৰ্মহীন হ’ব পাৰে ২০লক্ষাধিক লোক ।এই আশংকা কৰিছে বিজেপি নেতা তথা অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে ৷ আৱালে “দ্য ছেণ্টিনেল”ক কয় যে চলিত ল’ক-ডাউনে ৰাজ্যৰ অৰ্থনীতিক বেয়াকৈ জোঁকাৰিছে ৷ ফলস্বৰূপে ৰাজ্যত ২০ৰ পৰা ২৫লাখ লোক কৰ্মহীনত পৰিণত হোৱাৰ আশংকা আছে ৷ ল’ক-ডাউনৰ পাছত চৰকাৰে অৰ্থনীতিক পুনৰুজ্জীৱিতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰি আৱালে লগতে কয়, “ ক্ষুদ্ৰ উদ্যোগত কৰ্মৰত প্ৰায় ১০লাখে লোকে চাকৰি হেৰুৱাব ৷ কমেও ১৫ লাখ প্ৰব্ৰজিত শ্ৰমিক-কৰ্মীয়ে কৰ্ম হেৰুৱাবলগীয়া হ’ব পাৰে ৷ এইসকল শ্ৰমিক-কৰ্মচাৰী কামলৈ যোৱা নাই ৷ কাৰণ ল’ক-ডাউনৰ বাবে নিয়োগকৰ্তাই কাম বন্ধ ৰাখিছে ৷ এইসকল লোকক কাম দিয়াটো চৰকাৰৰ বাবে প্ৰত্যাহ্বাজনক কাম হ’ব”৷ অৱশ্যে তেওঁ এইবুলিও কয় যে ল’ক-ডাউনৰ বাবে কেতবোৰ ক্ষেত্ৰত নিয়োগৰ সুবিধা ওলাব ৷ এনে এক ক্ষেত্ৰ স্বাস্থ্য খণ্ড বুলি সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষজনে মন্তব্য কৰে ৷ তেওঁ লগতে কয় যে সম্প্ৰতি চৰকাৰে কৃষি, পশুপালন, মীনপালন আদি খণ্ডক গুৰুত্ব প্ৰদান কৰিব লাগিব ৷ “ কৃষি, পশু চিকিৎসা বিজ্ঞান বা পশুপালন আৰু মীনপালন আদি খণ্ডৰ সৈতে জড়িত অধিকাংশ সামগ্ৰী-পণ্য ৰাজ্যৰ বাহিৰৰ পৰা অনা হয় ৷ সম্প্ৰতি এনে সামগ্ৰী ৰাজ্যত উৎপাদনত গুৰুত্ব আৰোপ কৰিব লাগিব ৷" আৱালে কয় যে তেওঁ এনে পৰামৰ্শাৱলী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰদান কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com