শীৰ্ষ বাতৰি

ক’ৰ’না ভাইৰাছৰ উত্সৰ তদন্ত দাবীঃ অষ্টেলিয়াৰ সৈতে দ্ৰুত অৱনতি চীনৰ সম্পৰ্ক

Sentinel Digital Desk

ক’ৰ’না ভাইৰাছৰ উত্সৰ তদন্ত দাবীঃ অষ্টেলিয়াৰ সৈতে দ্ৰুত অৱনতি চীনৰ সম্পৰ্ক

বিশ্বজুৰি সংহাৰ চলোৱা ক’ৰ’না ভাইৰাছ উত্পত্তি সম্পৰ্কীয় তথ্য উদ্ধাৰৰ বাবে অষ্ট্ৰেলিয়াই নিৰপেক্ষ তদন্ত দাবী কৰিছে। কিন্তু ইয়াকে লৈ চীনৰে দেশখনৰ সম্পৰ্কৰ দ্ৰ্ৰুত অৱনতি ঘটিছে। আনকি চীনে অষ্ট্ৰেলিয়াৰ সৈতে ৰপ্তানি আৰু পৰ্যটনৰ সম্পৰ্ক ছিন্ন কৰাৰ ভাবুকি দিছে। উল্লেখ্য যে বিশ্বৰ বহু স্বাস্থ্য বিশেষজ্ঞই চীনৰ য়ুহানত এই মহামাৰী সৃষ্টিকাৰী ক’ৰ’না ভাইৰাছৰ উত্পত্তিস্থল বুলি প্ৰকাশ কৰি আহিছে। তদুপৰি অলপতে এজন নবেল বঁটাপ্ৰাপ্ত বিজ্ঞানীয়ে ক’ৰ’না ভাইৰাছ পৰীক্ষাগাৰত সৃষ্টি কৰা ভাইৰাছ বুলি মন্তব্য কৰে। আনহাতে, একাংশই এই ভাইৰাছ সৃষ্টিৰে চীনে বিশ্বৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা বুলি অভিযোগ কৰি আহিছে। উদ্দেশ্য হল বিশ্বত আধিপত্য বিস্তাৰ কৰা।

এনে অৱস্থাতে অষ্ট্ৰেলিয়াই ক’ৰ’না ভাইৰাছৰ উত্পত্তি সম্পৰ্কে তদন্ত দাবী কৰাটো তাত্পৰ্যপূৰ্ণ হৈ উঠিছে। এই তদন্তৰ পোষকতা কৰি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে কয়, “ ক’ৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বত দুই লক্ষাধিক লোকৰ প্ৰাণ ললে। অষ্ট্ৰেলিয়াই এই ভাইৰাছৰ উতপত্তি সম্পৰ্কীয় তথ্য উদ্ঘাটনৰ বাবে তদন্তৰ দাবী কৰি যাব”। এই তদ্ন্ত স্বচ্ছ হব লাগিব প্ৰধানমন্ত্ৰী মৰিছনে মন্তব্য কৰে। ইপিনে, ভাৰততো ক’ৰ’নাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। নিতৌ বৃদ্ধি পাইছে এই মহামাৰীত আক্ৰান্ত ব্যক্তিৰ সংখ্যা। সমান্তৰাল ভাৱে বৃদ্ধি পাইছে মৃতৰ সংখ্যাও । বুধবাৰৰ তথ্য অনুসৰি দেশত ক’ৰ’না আক্ৰান্ত ব্যক্তি প্ৰায় ৩১,৭৮৭ জন। বুধবাৰৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত নতুন ১,৮১৩ টা ক’ৰ’না পজিটিভ ঘটনা পোহৰলৈ অহাৰ লগতে মৃত্যু হয় ৭১ জন লোকৰ ।

সম্প্ৰতি দেশত প্ৰায় ২২,৯৮২ টা ক’ৰ’না সক্ৰিয় ঘটনা আছে । তদুপৰি ৭,৭৯৭ জন‌ লোক সুস্থ হৈ উঠিছে আৰু ১,০০৮ জনেমৃত্যুবৰণ কৰিছে । অৰ্থাৎ ক’ৰ’নাৰ সুস্থ ৰোগী প্ৰায় ২৪.৫শতাংশ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি দেশৰ মহাৰাষ্ট্ৰত সবাতোকৈ অধিক ব্যক্তি ক’ৰ’নাত আক্ৰান্ত হৈছে । ৯,৩১৮ জন‌ পজিটিভ ব্যক্তিৰ সৈতে মহাৰাষ্ট্ৰ শীৰ্ষস্থানত আছে । লগতে ৪০০ জন লোকৰ মৃত্যু হৈছে। তাৰ পিছতে গুজৰাটত প্ৰায় ৩,৭৭৪ জন ব্যক্তি, দিল্লীত প্ৰায় ৩,৩১৪ জন ব্যক্তি আক্ৰান্ত হৈছে মহামাৰী কোৰোনাত ।