শীৰ্ষ বাতৰি

ক’ৰ’না মহামাৰীঃ গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

Sentinel Digital Desk

ক’ৰ’না মহামাৰীঃ গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

অৱশেষত প্ৰত্যাহাৰ হল গুৱাহাটীৰ বিলাসী আৱাসিক চৌহদ স্পেনিছ গাৰ্ডেনত চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা। উল্লেখ্য যে যোৱা মাহৰ আৰম্ভণিতে স্পেনিছ গাৰ্ডেনৰ এজন আবাসী তথা ব্যৱসায়ী ক’ৰ’না পজিটিভ চিনাক্ত হয়। তাৰ পাছতে চৰকাৰী নীতি অনুসৰি জু-ৰোডস্থিত এই বিলাসী আৱাসিক চৌহদক ক’ৰ’না সংক্ৰমণ মণ্ডল বা কন্টেইনমেন্ট জ’নৰূপে ঘোষণা কৰি বিধিগত নিষেধাজ্ঞা আৰোপ কৰা হয়। পৰৱৰ্তী সময়ত এই ব্যৱসায়ীজন সুস্থ হয়। তথাপি এই নিষেধাজ্ঞা বাহাল আছিল। অৱশেষত বৃহস্পতিবাৰে চৰকাৰে এই নিষেধাজ্ঞা আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰে। আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই এক জাননী যোগে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰে। ইপিনে, আজি অসমত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পায়। আজি বৃহস্পতিবাৰে বঙাইগাঁও জিলাত চাৰিজন ক’ৱিড-১৯আক্ৰান্ত চিনাক্ত কৰা হয়। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত কয় যে সম্প্ৰতি ৰাজ্যত ক’ৱিড-১৯আক্ৰান্তৰ সংখ্যা ৪১জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ১১জন হাস্পতালত আছে আৰু ২৭জনক হাসপতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।