দেশজোৰা তলাবন্ধঃ ৰাজ্যত বিদ্যুতৰ ব্যয় ৩০ শতাংশ হ্ৰাস

দেশজোৰা তলাবন্ধঃ ৰাজ্যত বিদ্যুতৰ ব্যয় ৩০ শতাংশ হ্ৰাস

দেশজোৰা তলাবন্ধঃ ৰাজ্যত বিদ্যুতৰ ব্যয় ৩০ শতাংশ হ্ৰাস

ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য ঘোষণা কৰা বাহাল ৰখা তলাবন্ধ বা লক-ডাউনৰ ফলত ৰাজ্যত বিদ্যুতৰ চাহিদা চকুত লগাকৈ হ্ৰাস পাইছে। আনকি বিদ্যুতৰ সৰ্বাধিক চাহিদা থকা সময়ছোৱা(পিক আৱাৰ)ত বিদ্যুত ব্যয় সম্প্ৰতি প্ৰায় ৩০ শতাংশ হ্ৰাস পাইছে। এই কথা জানিবলৈ দি দ্যা ছেণ্টিনেলক অসম বিদ্যুত বিতৰণ নিগম (এ পি ডি চি এল)ৰ এজন বিষয়াই কয়, “ ২০১৯ৰ মাৰ্চত ৰাজ্যত পিক আৱাৰ্ছত গড় হিচাপত ১,২৫৮ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হৈছিল। কিন্তু এইবাৰৰ মাৰ্চত দৈনিক গড় হিচাপত ১,১৬০ মেগাৱাট বিদ্যুত ব্যয় হয়। ফলত যোৱা বছৰৰ মাৰ্চতকৈ এই বছৰৰ মাৰ্চত বিদ্যুতৰ ব্যয় ৩০ শতাংশ হ্ৰাস পায়”।একেদৰে যোৱা বছৰৰ এপ্ৰিলত পিক আৱাৰত দৈনিক গড় হিচাপত ১,২৫৩ মেগাৱাট বিদ্যুত ব্যয় হৈছিল। কিন্তু তলাবন্ধৰ ফলত এইবাৰৰ এপ্ৰিলত পিক আৱাৰত দৈনিক গড় হিচাপত ১,০৫২ মেগাৱাট বিদ্যুত ব্যয় হয়। বিদ্যুত ব্যয়ৰ এই হ্ৰাস ২৫ ৰ পৰা ৩০ শতাংশ হৈছে। বিদ্যুত বিতৰণ নিগমৰ বিষয়াজনৰ মতে, তলাবন্ধৰ ফলত এনেদৰে বিদ্যুতৰ চাহিদা হ্ৰাস পাইছে। তেওঁ জনোৱা মতে, যোৱা বছৰৰ মাৰ্চত ৰাজ্যত পিক আৱাৰত গড় হিচাপত ৮৪৯ মেগাৱাট বিদ্যুত ব্যয় হয়। কিন্তু এইবাৰ ইয়াৰ পৰিমাণ ৭৭৪ মেগাৱাটলৈ হ্ৰাস পাইছে। আনহাতে, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিবলৈ লোৱা ব্যয় সংকোচন নীতিৰ আভাস দাঙি ধৰে। তেওঁ কয় যে বিদেশী সংস্থা আৰু কেন্দ্ৰীয় পৃষ্ঠপোষকতাপ্ৰাপ্ত আঁচনিৰ বাদে বিত্ত বিভাগৰ অনুমতি অবিহনে কোনো প্ৰশাসনিক বিভাগেই নতুন উন্য়নমূলক আঁচনি গ্ৰহণ কৰিব নোৱাৰিব। আনহাতে, চৰকাৰী বিভাগসমূহত সমূহত হোৱা ইন্ধন, চাহ আদিৰ ব্যয় বৰ্তমানৰ ২৫ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলিও মন্ত্ৰীজনে সদৰী কৰে। তেওঁ আৰু কয় যে এই ব্যয় সংকোচন নীতিৰ অংশস্বৰূপে এয়া বান্ধি দিয়া হৈছে যে মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনে কোনো চৰকাৰী বিভাগেই নতুন গাড়ী ক্ৰয় কৰিব নোৱাৰিব। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম চাৰি মাহত কোনো চৰকাৰী বিভাগেই আলোচনা চক্ৰ, কৰ্মশালা আৰু সভাৰ আয়োজন কৰিব নোৱাৰিব। অৱশ্যে জৰুৰী পৰিস্থিতিত ভিডিঅ কনফাৰেন্স আয়োজন কৰিব পাৰিব। ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক বাদ দি আন কোনেও চৰকাৰী খৰচত এক্সিকিটিভ শ্ৰেণীত ভ্ৰমণ কৰিব নোৱাৰিব। কোনো চৰকাৰী বিষয়াই চৰকাৰী খৰচত পঞ্চতাৰকাযুক্ত হোটেলত থাকিব নোৱাৰিব। ৰাজ্যপাল, মন্ত্ৰীসকল আৰু বিধায়কসকলে ৩০ শতাংশ কমকৈ দৰমহা লবলৈ সন্মত হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com