তলাবন্ধৰ ফলত আৰ্থিক জটিলতাঃ ব্যয় সংকোচনৰ কঠোৰ ব্যৱস্থা অসম চৰকাৰৰ

তলাবন্ধৰ ফলত আৰ্থিক জটিলতাঃ ব্যয় সংকোচনৰ কঠোৰ ব্যৱস্থা অসম চৰকাৰৰ

তলাবন্ধৰ ফলত আৰ্থিক জটিলতাঃ ব্যয় সংকোচনৰ কঠোৰ ব্যৱস্থা অসম চৰকাৰৰ

ক’ৰ’না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্য দেশজুৰি ঘোষণা কৰা তলাবন্ধ বা লক-ডাউনৰ ফলত অসমে আৰ্থিক জটিলতাৰ সন্মুখীন হৈছে। ইয়ে সংকটৰ ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰবল হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে আগন্তুক দিনত ব্যয় সংকোচনৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ ইংগিত দিছে। বুধবাৰে এখন সংবাদমেলত ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তলাবন্ধ (ল’ক-ডাউন)ঘোষণা কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত অসমত এইবাৰ সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)সংগ্ৰহ উদ্বেগজনক হাৰত হ্ৰাস পালে ৷ আনকি যোৱা বছৰৰ এই সময়ছোৱাৰ তুলনাত এইবাৰ জি এছ টি সংগ্ৰহ ৮০শতাংশ পৰ্যন্ত হ্ৰাস পাইছে ৷ বুধবাৰে এখন সংবাদমেলত এই উদ্বেগজনক তথ্য সদৰী কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় যে ২০১৯ৰ এপ্ৰিলত ৰাজ্যত ৯৩২কোটি টকাৰ জি এছ টি সংগ্ৰহ হৈছিল ৷ কিন্তু এইবছৰৰ এপ্ৰিলত ইয়াৰ পৰিমাণ ১৯২কোটি টকালৈ হ্ৰাস পায় ৷ তৎসত্বেও চৰকাৰী চাকৰিয়ালে অহা মে’ৰ দৰমহা লাভ কৰিব বুলি তেওঁ ঘোষণা কৰে ৷ সংবাদমেলত মন্ত্ৰী শৰ্মাই লগতে কয় যে ৰাজ্যত ক’ৱিড-১৯আক্ৰান্তক চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা আছে ৷ কিন্তু জি এছ টি সংগ্ৰহৰ পৰিমাণে হ্ৰাসে উন্নয়নমূলক কাম-কাজ বাধাগ্ৰস্ত কৰাৰ আশংকা আছে৷ সংবাদমেলত মন্ত্ৰীজনে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিবলৈ লোৱা ব্যয় সংকোচন নীতিৰ আভাস দাঙি ধৰে। তেওঁ কয় যে বিদেশী সংস্থা আৰু কেন্দ্ৰীয় পৃষ্ঠপোষকতাপ্ৰাপ্ত আঁচনিৰ বাদে বিত্ত বিভাগৰ অনুমতি অবিহনে কোনো প্ৰশাসনিক বিভাগেই নতুন উন্য়নমূলক আঁচনি গ্ৰহণ কৰিব নোৱাৰিব। আনহাতে, চৰকাৰী বিভাগসমূহত সমূহত হোৱা ইন্ধন, চাহ আদিৰ ব্যয় বৰ্তমানৰ ২৫ শতাংশৰ পৰা ১০ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলিও মন্ত্ৰীজনে সদৰী কৰে। তেওঁ আৰু কয় যে এই ব্যয় সংকোচন নীতিৰ অংশস্বৰূপে এয়া বান্ধি দিয়া হৈছে যে মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনে কোনো চৰকাৰী বিভাগেই নতুন গাড়ী ক্ৰয় কৰিব নোৱাৰিব। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম চাৰি মাহত কোনো চৰকাৰী বিভাগেই আলোচনা চক্ৰ, কৰ্মশালা আৰু সভাৰ আয়োজন কৰিব নোৱাৰিব। অৱশ্যে জৰুৰী পৰিস্থিতিত ভিডিঅ কনফাৰেন্স আয়োজন কৰিব পাৰিব। ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক বাদ দি আন কোনেও চৰকাৰী খৰচত এক্সিকিটিভ শ্ৰেণীত ভ্ৰমণ কৰিব নোৱাৰিব। কোনো চৰকাৰী বিষয়াই চৰকাৰী খৰচত পঞ্চতাৰকাযুক্ত হোটেলত থাকিব নোৱাৰিব। ৰাজ্যপাল, মন্ত্ৰীসকল আৰু বিধায়কসকলে ৩০ শতাংশ কমকৈ দৰমহা লবলৈ সন্মত হৈছে।আনহাতে, অসমত পুনৰ বৃদ্ধি পাইছে ক’ৱিড-১৯আক্ৰান্ত। আজি বৃহস্পতিবাৰে বঙাইগাঁও জিলাত চাৰিজন ক’ৱিড-১৯আক্ৰান্ত চিনাক্ত কৰা হয়। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত কয় যে সম্প্ৰতি ৰাজ্যত ক’ৱিড-১৯আক্ৰান্তৰ সংখ্যা ৪১জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com