বঙাইগাঁৱত আৰু চাৰিজন ক’ৱিড আক্ৰান্ত চিনাক্ত, অসমত আক্ৰান্তৰ সংখ্যা ৪১লৈ বৃদ্ধি

বঙাইগাঁৱত আৰু চাৰিজন ক’ৱিড আক্ৰান্ত চিনাক্ত, অসমত আক্ৰান্তৰ সংখ্যা ৪১লৈ বৃদ্ধি

বঙাইগাঁৱত আৰু চাৰিজন ক’ৱিড আক্ৰান্ত চিনাক্ত, অসমত আক্ৰান্তৰ সংখ্যা ৪১লৈ বৃদ্ধি

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে ক’ৱিড-১৯আক্ৰান্ত। আজি বৃহস্পতিবাৰে একেদিনাই বঙাইগাঁৱত চাৰিজন ক’ৱিড-১৯আক্ৰান্ত চিনাক্ত কৰা হয়। এই কথা সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টুইটাৰত মন্ত্ৰীজনে কয় যে সম্প্ৰতি ৰাজ্যত ক’ৱিড-১৯আক্ৰান্তৰ সংখ্যা ৪১জনলৈ বৃদ্ধি পাইছে। কাৰণ বঙাইগাঁও জিলাত চাৰিজন ক’ৱিড-১৯আক্ৰান্ত চিনাক্ত হৈছে। ইয়াৰ পূৰ্বেও জিলাখনত এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ শৰীৰত ক’ৱিড-১৯ ধৰা পৰে। মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি ৰাজ্যত ১১ জন ক’ৱিড-১৯আক্ৰান্ত হাস্পতালত আছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com