Begin typing your search above and press return to search.

প্ৰবীণ অভিনেতা ঋষি কাপুৰৰ বিয়োগ, শোকবিহ্বল অগণন অনুৰাগী

প্ৰবীণ অভিনেতা ঋষি কাপুৰৰ বিয়োগ, শোকবিহ্বল অগণন অনুৰাগী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 April 2020 5:24 AM GMT

প্ৰবীণ অভিনেতা ঋষি কাপুৰৰ বিয়োগ, শোকবিহ্বল অগণন অনুৰাগী

জনপ্ৰিয় অভিনেতা ইৰফান খানৰ অকাল মৃত্যুৱে কোটি কোটি অনুৰাগীক শোকবিহ্বল কৰি ৰখাৰ সময়তে জীৱননাট সামৰিলে বলিউডৰ এজন প্ৰবীণ অভিনেতাই। বিগত শতিকাৰ ৭০ আৰু ৮০ৰ দশকৰ বলিষ্ঠ অভিনেতা ঋষি কাপুৰৰ আজি পুৱা বিয়োগ ঘটে। কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বৰ্ষীয়ান অভিনেতাজন বিগত কিছুদিন মুম্বাইৰ ছাৰ এইচ এন ৰিলায়েন্স হাস্পতালত চিকিত্সাধীন হৈ আছিল। চিকিত্সাধীন অৱস্থাতে আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। একালৰ জনপ্ৰিয় অভিনেতাগৰাকীৰ বিয়োগৰ বাতৰি দিয়ে তেওঁৰ অভিনেতা পুত্ৰ ৰণধীৰ কাপুৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৭বছৰ। প্ৰবীণ অভিনেতা কাপুৰৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে বলিউডৰ ছবিজগত। ইতিমধ্যে হিন্দী ছবিজগতৰ নবীন-প্ৰবীণ সকলো অভিনেতা-অভিনেত্ৰীয়ে তেওঁৰ মৃত্যুত শোকপ্ৰকাশ কৰি টুইট কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক: ২০১৯ৰ তুলনাত এইবাৰ ৮০শতাংশ কমিল জি এছ টি সংগ্ৰহঃ বিত্তমন্ত্ৰী শৰ্মা

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story