শীৰ্ষ বাতৰি

ক’ৰ’না মহামাৰীঃ ভাৰতত মৃতৰ সংখ্যা ৮৭২লৈ বৃদ্ধি, ২৪ ঘণ্টাতে ৪৮জনৰ মৃত্যু

Sentinel Digital Desk

[5:01 PM, 4/27/2020] Raktim Da Sentinel: বিশ্বজুৰি সংহাৰ চলোৱা ক’ৰ’না মহামাৰীয়ে ক্ৰমে ভাৰততো ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে এই মহামাৰীত আক্ৰান্ত আৰু মৃতৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি দেশত সম্প্ৰতি মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২৭, ৮৯২জন হৈছে ৷ একেদৰে মৃতৰ সংখ্যা ৮৭২জন হৈছে ৷ যোৱা মাথোঁ ২৪ ঘণ্টাতে ৪৮জন লোকৰ মৃত্যু হয় ৷ আনহাতে ৬, ১৮৫জন সুস্থ হৈছে ৷ ইপিনে, দেশৰ কৱিড-১৯ অ-প্ৰভাৱিত স্থানসমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে অ-অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান-পোহাৰ মুকলিৰ অনুমতি প্ৰদান কৰা হৈছে ৷ সেই অনুসৰি শনি পাইছেবাৰৰ পৰা কেতবোৰ অঞ্চলত দোকান-পোহাৰ খোলা হৈছে ৷ আনহাতে, অসমৰ অধিকাংশ কৱিড-১৯ৰোগী সুস্থ হৈ উঠিছে ৷ দেওবাৰে এখন সংবাদমেলত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ মুঠ জীৱিত ৩৪ ক’ৰ’না ৰোগীৰ সৰ্বাধিক তথা ২৭জনক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ৷ সম্প্ৰতি ৰাজ্যৰ সাতজন ক’ৰ’না ৰোগীহে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ স্বাস্থ্য খণ্ডৰ অৱস্থা দেশৰ ভিতৰতে শোচনীয় ৷ স্বাস্থ্য মন্ত্ৰালয়ৰ এই প্ৰতিবেদন অনুসৰি অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশত সৰ্বাধিকসংখ্যক জিলা আছে, যিসমূহত আই চি ইউ, ভেণ্টিলেটৰ আদি পৰ্যাপ্ত নহয় ৷ যোৱা ২৩এপ্ৰিললৈকে সঃগ্ৰহিত তথ্যৰ ভিত্তিত এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে ৷ এই প্ৰতিবেদনত প্ৰকাশ পোবা অনুসৰি অসমৰ ১৭খন জিলাত জৰুৰী ৰোগীক চিকিৎসাৰ বাবে প্ৰয়োজনীয় সা-সুবিধা পৰ্যাপ্ত নহয় ৷ গতিকে সম্প্ৰতি দেখা দিয়া ক’ৱিড-১৯ মহামাৰীৰ অধিক প্ৰাদুৰ্ভাৱ ঘটিলে অসমৰ দৰে ৰাজ্যসদূহৰ অৱস্থা জটিল হোৱাৰ আশংকা প্ৰবল ৷ কেন্দ্ৰৰ তথ্য অনুসৰি দেশৰ ভিতৰত স্বাস্থ্যখণ্ডৰ অৱস্থা অধিক শোচনীয় ৰাজ্য হ’ল উত্তৰ প্ৰদেশ ৷ তাৰ পাছতে বিহাৰৰ স্থান ৷ আনহাতে, ক’ৰ’না মহামাৰীয়ে দেশৰ ভিতৰত সবাতোকৈ অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহাৰাষ্ট্ৰত। তাৰ পাছতে আছে গুজৰাট। দুয়োখন ৰাজ্যত ভয়াবহ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে এই মহামাৰীত আক্ৰান্তৰ সংখ্যা। গুজৰাটৰ অধিকাংশ নগৰ-চহৰতে এই ৰোগ বিয়পি পৰিছে। এনে পৰিস্থিতিতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক ভিডিঅ কনফাৰেন্সত মিলিত হয়। অৱশ্যে অসমত কিছু বেয়া হলেও উত্তৰ-পূবৰ ৰাজ্যকেইখনত ক’ৰ’না মহামাৰীৰ প্ৰকোপ হ্ৰাস পাইছে। ত্ৰিপুৰা আৰু মণিপুৰ ইতিমধ্যে ক’ৰ’না মহামাৰীৰ কবলৰ পৰা উদ্ধাৰ হৈছে।