Begin typing your search above and press return to search.

আমেৰিকাত ভাৰতীয় প্ৰতিভাৰ জয়ধ্বজাঃ সুন্দৰ পিচাইৰ ২০১৯ৰ দৰমহা ২৮১নিযুত ডলাৰ

আমেৰিকাত ভাৰতীয় প্ৰতিভাৰ জয়ধ্বজাঃ সুন্দৰ পিচাইৰ ২০১৯ৰ দৰমহা ২৮১নিযুত ডলাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 April 2020 12:51 PM GMT

আমেৰিকাত ভাৰতীয় প্ৰতিভাৰ জয়ধ্বজাঃ সুন্দৰ পিচাইৰ ২০১৯ৰ দৰমহা ২৮১নিযুত ডলাৰ

আমেৰিকাকে ধৰি পশ্চিমৰ দেশসমূহত ভাৰতীয় প্ৰতিভাৰ আদৰ সদায়ে আছে ৷ অন্যাৰ্থত প্ৰচুৰ প্ৰতিভাসম্পন্ন ভাৰতীয় প্ৰতিভাই মেধা অনুসৰি পশ্চিমৰ দেশত যথাযোগ্য স্বীকৃতি অৰ্জন কৰে ৷ ইয়াৰ শেহতীয়া উৎকৃষ্ট উদাহৰণ হৈছে বিশ্বখ্যাত এলফাবেট প্ৰতিষ্ঠানৰ মুৰব্বী সুন্দৰ পিচাই (পিচাই সুন্দৰৰাজন) ৷ চেন্নাইত জন্মগ্ৰহণ কৰা পিচাইয়ে ২০১৯ত এলফাবেট প্ৰতিষ্ঠানৰ পৰা দৰমহা হিচাপে ২৮১নিযুত ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় দুশ ২২কোটি টকা লাভ কৰে ৷ এলফাবেট প্ৰতিষ্ঠানে প্ৰকাশ কৰা অনুসৰি প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া(CEO) পিচাইৰ দৰমহা প্ৰতিষ্ঠানটোৰ মুঠ কৰ্মচাৰীৰ দৰমহাতকৈ ১, ০৮৫গুণ অধিক ৷ উল্লেখ্য যে পিচাইয়ে লেৰী পেজৰ পৰা এলফাবেট প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্ব গ্ৰহণ কৰে ৷ সেই সময়ত পেজ আৰু প্ৰতিষ্ঠানটোৰ সহঃপ্ৰতিষ্ঠাপক ছাৰ্গেই বিনে পদত্যাগ কৰে ৷ সম্প্ৰতি আন প্ৰতিষ্ঠানসমূহৰ লেখীয়াকৈ এলফাবেট প্ৰতিষ্ঠানেও ক’ৰ’না মহামাৰীয়ে সৃষ্টি কৰা আৰ্থিক মন্দাৰ মাজেৰে ব্যবসায়িক কাম-কাজ অব্যাহত ৰাখিবলগীয়া হৈছে ৷ সম্প্ৰতি ৪৭বছৰীয়া পিচাইয়ে পূৰ্বে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । আই আই টি খড়গপুৰত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণৰ পাছতে তেওঁ আমেৰিকালৈ উৰা মাৰে ৷ পৰৱৰ্তী সময়ত তেওঁ ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে ৷ আনহাতে, চলিত বৰ্ষত এলফাবেট প্ৰতিষ্ঠানৰ পৰিচালনা মণ্ডলীত সাল-সলনি সাধন কৰা হয় । প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয় কেলিফৰ্ণিয়াৰ মাউণ্টেইন ভিউত অৱস্থিত ৷

অন্য খবৰৰ বাবে পঢ়ক: ধনন্তৰী আঁচনি মুকলিঃ সহজে উপলব্ধ নোহোৱা ঔষধ ঘৰতে যোগান ধৰিব অসম চৰকাৰে

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story